ETV Bharat / state

মৰিশালিত পৰিণত ঐতিহাসিক শিলঘাটৰ এটা চৰকাৰী কাৰ্যালয়

author img

By

Published : Jan 8, 2021, 7:37 PM IST

Updated : Jan 8, 2021, 7:57 PM IST

বিগত 24 বছৰে বন্ধ হৈ আছে একালত বিভিন্ন প্ৰান্তৰ লোকে গিজগিজাই থকা এই চৰকাৰী কাৰ্যালয়টো ৷ বিভাগীয় অৱহেলাৰ বাবে এতিয়া জহি-খহি গৈছে এই ঐতিহাসিক কাৰ্যালয়টো ৷

worst-condition-of-silghat-astc-office
মৰিশালিত পৰিণত ঐতিহাসিক শিলঘাটৰ এটা চৰকাৰী কাৰ্যালয়

কলিয়াবৰ,8 জানুৱাৰী: মৰিশালিত পৰিণত ঐতিহাসিক শিলঘাটৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয় ৷ এসময়ত গাঁৱে-ভূঞে প্ৰত্যন্ত অঞ্চল সমূহৰ সৈতে যোগাযোগ ব্যৱস্থাক শক্তিশালী ৰূপত দাঙি ধৰা তাহানিৰ সেই ৰঙা ৰঙৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ সমূহ এতিয়া নোহোৱা হ'ল যদিও চাৰিটা দশকৰ সাক্ষী হিচাপে ৰৈ গৈছিল পৰিবহন নিগমৰ কাৰ্যালয় বাছ আস্থানসমূহ ৷

worst-condition-of-silghat-astc-office
মৰিশালিত পৰিণত শিলঘাটৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয়

কিন্তু সময়ৰ সোঁতত সেয়া এতিয়া মৰিশালিত পৰিণত হ'ল ৷ ক্ৰমান্বয়ে সোঁৱৰণিৰ গৰ্ভত বিলীন হৈ যোৱা সেই দুৰন্ত গতিৰ গঁড়ৰ ছবি পিঠিত কঢ়িয়াই দূৰ দূূৰণিৰ যাত্ৰীক গন্তব্যস্থানলৈ লৈ যোৱা ৰঙা বাছবোৰ বন্ধ হোৱাৰ লগে লগে আজিৰ শোচনীয় পৰ্যায়ত উপনীত হৈছে নগাঁৱৰ শিলঘাটৰ ASTCৰ বাছ আস্থান ৷

worst-condition-of-silghat-astc-office
এলাগী হৈ পৰি ৰোৱা পৰিবহন নিগমৰ বাছ

বিগত 24 বছৰে বন্ধ হৈ আছে একালত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যাত্ৰীৰে গিজগিজাই থকা প্ৰাণচঞ্চল শিলঘাটৰ পৰিবহন নিগমৰ কাৰ্যালয়টো ৷ ১৯৮৭ চনত ব্ৰহ্মপুত্ৰৰ ওপৰত কলিয়াভোমোৰা দলং যাতায়তৰ বাবে মুকলি কৰি দিয়াৰ পাছতেই শিলঘাটৰ পথ পৰিবহন সেৱা সীমিত হৈ পৰে। বিভাগীয় অবহেলাৰ বাবে ১৯৯৬ চনতে শিলঘাটৰ পৰা বন্ধ হৈ পৰিছিল পৰিবহণ নিগমৰ ৰঙা বাছৰ সেৱা ।

২০০৩ চনত সম্পূৰ্ণৰূপে বন্ধ হৈ যায় শিলঘাটস্থিত অসম ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয়টো । তাৰ পিচৰে পৰা বিগত ১৭ বছৰ ধৰি পৰিবহন নিগমৰ দায়িত্ব-জ্ঞানহীনতাৰ ফলত পৰিত্যক্ত অৱস্থাত পৰি আছে এসময় অভিজাত এই কাৰ্যালয়টো । পৰিবহন নিগমৰ এই কাৰ্যালয়টোৰ বৰ্তমানৰ জৰাজীৰ্ণ অৱস্থাই সম্প্ৰতি ম্লান কৰিছে শিলঘাটৰ ঐতিহ্য ।

worst-condition-of-silghat-astc-office
এলাগী হৈ পৰি ৰোৱা পৰিবহন নিগমৰ বাছ

এসময়ত ভিন্ন ঠাইৰ যাত্ৰীৰ সমাগমৰে উখল-মাখল পৰিবেশে বিৰাজ কৰা এই কাৰ্যালয়টোৰ চৌপাশে এতিয়া মাথো এক জয়াল পৰিবেশ । বিভাগীয় দায়িত্ব-জ্ঞানহীনতাৰ ফলতেই ক্ৰমান্বয়ে জহি-খহি উৱলি গৈছে পৰিবহণ নিগমৰ এই কাৰ্যালয়টো । সম্প্ৰতি জাবৰ-জোথৰ পেলোৱা এটা ডাষ্টবিনত পৰিণত হৈছে শিলঘাটৰ পৰিবহন নিগমৰ কাৰ্যালয়টো ।

লগতেঃ বনকৰ্মীক অস্ত্ৰ-বুলেটপ্ৰুফ জেকেট প্ৰদানৰ নিৰ্দেশ উচ্চতম ন্য়ায়ালয়ৰ

Last Updated : Jan 8, 2021, 7:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.