ETV Bharat / state

কলিয়াবৰত বিশ্ব পৰ্যটন দিৱস উদ‌যাপন - কলিয়াবৰ মহকুমা প্ৰশাসন

কলিয়াবৰত পালন বিশ্ব পৰ্যটন দিৱসৰ কাৰ্যসূচী ৷ কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত আয়োজিত উক্ত অনুষ্ঠানত অঞ্চলটোৰ পৰ্যটনৰ সম্ভাৱনীয়তাৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়োৱা হয় ৷

World Tourism Day celebration at Kaliabor nagaon assam etv bharat news
বিশ্ব পৰ্যটন দিৱস উদ‌যাপন
author img

By

Published : Sep 27, 2020, 3:57 PM IST

কলিয়াবৰ,27 ছেপ্তেম্বৰ: দেওবাৰে সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে 40 সংখ্যক বিশ্ব পৰ্যটন দিৱস ৷ ৰাজ্যৰো ভিন্ন প্ৰান্তত পৰ্যটন ক্ষেত্ৰত প্ৰসাৰৰ উদ্দেশ্যে পালন কৰা হৈছে বিশ্ব পৰ্যটন দিৱসৰ কাৰ্যসূচী ৷ 1980 চনৰ পৰাই বিশ্বজুৰি পালন কৰা হৈ আহিছে এই দিৱস ৷ এই দিৱস পালনৰ মূখ্য উদ্দেশ্য হৈছে আন্তৰ্জাতিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ সৈতে সেতুবন্ধন গঢ়ি তোলা ৷ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনাপুষ্ট নগাঁৱৰ কলিয়াবৰত এই দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে কলিয়াবৰ মহকুমা প্ৰশাসনে ৷

বিশ্ব পৰ্যটন দিৱস উদ‌যাপন

বিশ্ব পৰ্যটন দিৱস উপলক্ষে জখলাবন্ধাত অনুষ্ঠিত এক সভাত উপস্থিত থাকি কলিয়াবৰৰ মহকুমাধিপতি বিতুপন নেওগে অঞ্চলটোৰ পৰ্যটনৰ সম্ভাৱনীয়তাৰ বিষয়ে বিশদ ব্যাখ্যা আগবঢ়ায় ৷ উক্ত সভাত জখলাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী তৃষাৰাণী শইকীয়া, ক্লীন জখলাবন্ধা-গ্ৰীণ জখলাবন্ধাৰ সম্পাদক প্ৰশান্ত ভৌমিক, কলিয়াবৰ প্ৰেছ ক্লাবৰ সভাপতি নৃপেন কেঁওট আদি উপস্থিত থাকে ৷ লগতে সমবেত বিভিন্ন অনুষ্ঠানৰ প্ৰত্যক্ষ সহযোগত অঞ্চলটোত এক চাফাই কাৰ্যসূচী গ্ৰহণ কৰে উপস্থিত লোকসকলে ৷

লগতে চাওকঃ আৰক্ষী নিযুক্তি পৰিষদৰ অধ্যক্ষৰ পদ এৰিলে প্ৰদীপ কুমাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.