ETV Bharat / state

World Heart Day 2023: হৃদযন্ত্ৰক সুস্থ ৰাখিবলৈ আমি কিদৰে ইয়াৰ যত্ন লোৱা উচিত ? চিকিৎসকৰ পৰা জানি লওক - আজি বিশ্ব হৃদ দিৱস

আজি বিশ্ব হৃদ দিৱস ৷ বৰ্তমান বিশ্বত ভয়াবহভাৱে বাঢ়ি আহিছে হৃদৰোগ ৷ নিৰৱ ঘাতকৰূপে বাঢ়ি অহা হৃদৰোগ নিয়ন্ত্ৰণ আৰু সজাগতাৰ বাবে বিশ্বই পালন কৰি আহিছে বিশ্ব হৃদদিৱস ৷ বিশ্ববাসীক হৃদৰোগ আৰু ষ্ট্ৰোক আদি জীৱননাশী ৰোগ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ২০০০ চনৰ পৰা "বিশ্ব হৃদয় দিৱস" পালন কৰি অহা হৈছে ৷ সেয়ে আজি এই দিৱসত কলিয়াবৰ মহকুমা চিকিৎসা বিষয়া ডাঃ বীৰেন চন্দ্ৰ দেউৰীৰ জৰিয়তে হৃদৰোগৰ পৰা নিজকে ৰক্ষা কৰাৰ কিটিপ জানি লও আহক...

World Heart Day 2023
হৃদযন্ত্ৰক সুস্থ ৰাখিবলৈ আমি কিদৰে ইয়াৰ যত্ন লোৱা উচিত ? চিকিৎসকৰ পৰা জানি লওক
author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 4:12 PM IST

কলিয়াবৰ মহকুমা চিকিৎসা বিষয়া ডাঃ বীৰেন চন্দ্ৰ দেউৰী

আজি বিশ্ব হৃদ দিৱস ৷ প্ৰতিবছৰৰ ২৯ ছেপ্টেম্বৰৰ দিনটোত এই দিৱস বিশ্বজুৰি পালন কৰা হয় ৷ বিশ্বত ক্ৰমশঃ আশংকাজনকভাৱে বৃদ্ধি পোৱা হৃদৰোগৰ প্ৰতি জনসাধাৰণক সজাগ কৰাই এই দিৱস অনুষ্ঠিত কৰাৰ অন্যতম কাৰণ ৷

বিশ্ব স্বাস্থ্য সন্থাৰ মতে, প্ৰতিবছৰে ১৭.৯ নিযুত লোকৰ প্ৰাণনাশ হয় হৃদৰোগত ৷ শাৰীৰিক অনুশীলনৰ অভাৱ তথা মানসিক চাপৰ প্ৰকোপ বৃদ্ধি হৈ অহাৰ সমান্তৰালভাৱে বৃদ্ধি হৈ আছে হৃদৰোগজনিত সমস্যা ৷

আপুনি জানেনে হৃদপিণ্ড সম্পৰ্কীয় গুৰুত্বপূৰ্ণ এই তথ্য এটা দিনত আমাৰ হৃদপিণ্ড প্ৰায় ১ লাখবাৰলৈ ধপধপায় ৷ হৃদপিণ্ডই ৭৫ লাখ কোটি কোষলৈ ৰক্ত প্ৰদান কৰে ৷ হৃদপিণ্ডই এদিন যিমান শক্তি উৎপাদন কৰে, সেই শক্তিৰে এখন ট্ৰাক ৩৫ ৷

কিলোমিটাৰলৈ গমন কৰিব পাৰে ৷ গোটেই জীৱনজুৰি এটা হৃদপিণ্ডই ১১৯ কোটি লিটাৰ ৰক্ত পাম্প কৰে ৷ কিন্তু এনে হৃদপিণ্ডৰ লগতে আমি ধেমালি সুলভ ব্যৱহাৰ কৰো ৷ চিগাৰেট বা ধঁপাতজাতীয় সামগ্ৰী শৰীৰত লওঁ, যাৰ ফলত আমাৰ হৃদপিণ্ড দুৰ্বল হৈ পৰে ৷

হৃদৰোগজনিত সমস্যাৰ পৰা বাচিবলৈ কৰক এই মূল অভ্যাস প্ৰতিদিনে ৩০ মিনিট ব্যায়াম খোজ কঢ়া, জগিং, যোগ বা জিম- যিকোনো এটা আধাঘণ্টাৰ বাবে কৰাৰ অভ্যাস কৰক ৷ খাদ্য সজাগতা নিমখ কমকৈ খোৱাৰ অভ্যাস কৰক ৷ তেল বা চৰ্বীজাতীয় খাদ্য কমকৈ খাওক, লগতে ফাষ্টফুডৰ পৰা আঁতৰি থকাই মংগলজনক ৷ কেৱল এয়াই নহয় চিগাৰেট বা ধঁপাতজাতীয় সামগ্ৰী সদায়ে বৰ্জন কৰা উচিত ৷

মানসিক চাপ কমাবলৈ আধ্যাত্মিক কৰ্ম ধ্যান কৰিব পাৰে ৷ সাম্প্ৰতিক সমাজ-জীৱনৰ বাবে হৃদৰোগ এক গুৰুতৰ সমস্যা হৈ পৰিছে ৷ চাপযুক্ত জীৱন পৰিক্ৰমা ইয়াৰ অন্যতম শীৰ্ষ কাৰণ ৷ আজি দেশে-দেশে উদ্‌যাপিত হৈছে 'বিশ্ব হৃদ দিৱস ৷' জন্মৰে পৰা মৃত্যু পৰ্যন্ত মানুহৰ যিবোৰ অংগই অবিৰাম কাম কৰি থাকে তাৰ ভিতৰত অন্যতম হৈছে হৃদযন্ত্ৰ ৷

গতিকে, ইয়াক ৰোগমুক্ত কৰি ৰখাটো সকলো মানুহৰে দায়িত্ব ৷ আজিকালি মানুহে বিভিন্ন চাপৰ বোজা লৈ জীৱন যাপন কৰিবলগীয়া হয় ৷ কৰ্মক্ষেত্ৰৰ চাপ, প্ৰতিযোগিতামূলক জীৱনশৈলী, স্বাস্থ্যৰ বাবে ক্ষতিকাৰক খাদ্যাভাস, ধপাত তথা অন্যান্য মাদক দ্ৰৱ্যৰ আসক্তি আদিয়ে মানুহৰ হৃদযন্ত্ৰক দুৰ্বল কৰিছে ৷ শেহতীয়া এক সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি ৮৩ শতাংশ হৃদৰোগৰ কাৰণ হৈছে এনেধৰণৰ জীৱনশৈলী ৷ জন্মগত বা অন্যধৰণে সংক্ৰমিত আৰু আক্ৰান্ত হৃদৰোগীৰ সংখ্যা তুলনামূলকভাৱে কম ৷

যদিও ভাৰতবৰ্ষত বছৰি মৃত্যু হোৱা সকলৰ ভিতৰত প্ৰায় ২৪.৮ শতাংশ হৃদৰোগী ৷ এয়া উদ্বেগৰ কাৰণ হৈ পৰিছে ৷ প্ৰকৃতিৰ ওপৰত মানুহৰ ক্ৰমবৰ্ধমান অত্যাচাৰকো হৃদৰোগৰ বাবে দায়ী কৰিছে বহু বিশেষজ্ঞই ৷ কিয়নো মানুহৰ শৰীৰৰ বাবে প্ৰয়োজনীয় অক্সিজেন উদাৰ প্ৰকৃতিয়ে বিনামূল্যে প্ৰদান কৰে ৷ কিন্তু প্ৰকৃতিৰ এই উদাৰতাৰ বিপৰীতে এচাম লোকে গছ-বন তহিলং কৰি সমাজ-জীৱনলৈ বিপদ নমাই আনিছে ৷

খোজকঢ়া, চাইকেল চালনা আৰু ব্যায়ামৰ অভ্যাস গঢ়ি তুলি আমি হৃদৰোগৰ পৰা ভালেখিনি হাত সাৰি থাকিব পাৰো বুলি বিশেষজ্ঞসকলে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: World Heart Day 2023: বিশ্ব হৃদযন্ত্ৰ দিৱস সন্দৰ্ভত জনা-নজনা কিছু কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.