নগাঁও, 6 নৱেম্বৰঃ প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে পান্থতৰু সংৰক্ষণী অসমৰ আন এক পদক্ষেপ ৷ প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ বাবে ইতিমধ্যে ই টি ভি ভাৰতৰ সহযোগত প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা কাৰ্য্যসূচী গ্ৰহণ কৰিছিল প্ৰকৃতিপ্ৰেমী সংগঠন পান্থতৰুৱে ৷ বুধবাৰে নগাওঁ জিলা প্ৰশাসন, বন বিভাগ, পৌৰ সভা আৰু নগাওঁ ছোৱালী মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহযোগত সংগঠনটোৱে আয়োজন কৰে এখনি কৰ্মশালাৰ ।
উল্লেখ্য যে, 'challenges of solid waste and citizen's responsibility' শীৰ্ষক কৰ্মশালাত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ বিষয়া মিতালী বৰদলৈ, অসমত স্বচ্ছ ভাৰতক আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি কেইবাটাও বঁটা লাভ কৰা অমৰজ্যোতি কাশ্যপ, চিন্ময় ৰয়, জিলা উপায়ুক্ত যাদৱ শইকীয়া, বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ সভাত উপস্থিত প্ৰত্যেকগৰাকী ব্যক্তিয়ে প্লাষ্টিকৰ ভয়াবহতা আৰু স্বচ্ছতাৰ ওপৰত আলোকপাত কৰে ৷