ETV Bharat / state

ছাত্ৰৰ তেজেৰে ৰাঙলী সোণাৰি কৰ্মাচ কলেজৰ পদূলি - Sonari Commerce College

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Student injured in Sonari: এইবাৰ ভেৰোণীয়া গুণ্ডাৰ আক্ৰমণত ধৰাশায়ী কলেজীয়া ছাত্ৰ । মহাবিদ্যালয়ৰ ভিতৰৰ পৰা ছাত্ৰক মাতি আনি আক্ৰমণ কৰে দুজন ভেৰোণীয়া গুণ্ডাই । আক্ৰমণকাৰীৰ বিৰুদ্ধে সোণাৰি থানাত এজাহাৰ দাখিল আহত ছাত্ৰৰ পৰিয়ালৰ লগতে সোণাৰি কৰ্মাচ কলেজৰ ছাত্ৰ একতা সভাৰ ।

Sonari Commerce College student injured in attack by miscreants
ছাত্ৰৰ তেজেৰে ৰাঙলী সোণাৰি কৰ্মাচ কলেজৰ পদূলি (ETV Bharat Assam)

মৰাণ, ১ অক্টোবৰ: তেজেৰে ৰাঙলী হ'ল সোণাৰি কৰ্মাচ কলেজ । ভেৰোণীয়া গুণ্ডাৰ আক্ৰমণত এজন ছাত্ৰ গুৰুতৰভাৱে আহত হোৱাৰ অভিযোগ । আধুনিক শিক্ষা ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে চেষ্টা চলি থকা সময়ত যুৱ উশৃংখলতাই চৰম সীমা অতিক্ৰম কৰাত চিন্তিত কৰিছে সকলোকে । তেনে সময়ত পুনৰ আন এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে চৰাইদেউৰ সোণাৰিত ।

ঘটনা অনুসৰি সোমবাৰে বিয়লি মহাবিদ্যালয়ৰ ভিতৰৰ পৰা ছাত্ৰক মাতি আনি আক্ৰমণ কৰে দুই ভেৰোণীয়া গুণ্ডাই । সোণাৰি কৰ্মাচ কলেজৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ ইমৰাণ আলমক দুই ভেৰোণীয়া গুণ্ডাই আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লগতে মহাবিদ্যালয়খনৰ সহপাঠীসকলে । জানিব পৰা অনুসৰি এখন ফটোক লৈ শনিবাৰে গুৰুতৰভাৱে আহত ইমৰাণ আলমে কলেজখনৰ এগৰাকী ছাত্ৰীৰ লগত তৰ্কাতৰ্কিত লিপ্ত হয় ।

ইয়াৰ পাছতে ছাত্ৰীগৰাকীয়ে নিজৰ ভাতৃৰ সৈতে সোমবাৰে বিয়লি ভেৰোণীয়া গুণ্ডাৰ সহায়ত কলেজৰ পৰা কৌশলেৰে মাতি আনি কলেজৰ সন্মুখতে ধাৰাশায়ী কৰে ইমৰাণ আলমক । প্ৰথমে মটৰচাইকেলেৰে ছাত্ৰজনক খুন্দা মাৰিবলৈ চেষ্টা কৰিছিল যদিও সফল হ'ব নোৱৰাত চোকা অস্ত্ৰৰে ছাত্ৰজনক আক্ৰমণ কৰি পলায়ন কৰে দুই অভিযুক্তই । গুৰুতৰভাৱে আহত ছাত্র ইমৰাণ আলম সম্প্ৰতি ডিব্রুগড়ত চিকিৎসাধীন অৱস্থাত আছে যদিও ছাত্ৰজনৰ অৱস্থা সংকটমুক্ত বুলি জানিবলৈ দিয়ে চিকিৎসকে ।

আনহাতে এই কাণ্ডত জড়িত অভিযুক্ত গুণ্ডা নিয়ামত আলী, আলতব আলী সম্প্ৰতি পলাতক অৱস্থাত আছে । পৰিয়ালে ঘটনাৰ পাছতে আৰু সোণাৰি কৰ্মাচ কলেজৰ ছাত্ৰ একতা সভাৰ তৰফৰ পৰাও মঙলবাৰে সোণাৰি থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰে । ইতিমধ্য়ে সোণাৰি থানাত এই সন্দৰ্ভত পঞ্জীয়ন হৈছে এটা গোচৰ (গোচৰ নম্বৰ ১১৫/২৪) অৱশ্যে এই ঘটনাক লৈ সোণাৰি কৰ্মাচ কলেজ কৰ্তৃপক্ষই বৰ্তমানলৈকে কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

লগতে পঢ়ক: কিতাপ নহয়, এতিয়া ছাত্ৰৰ বেগত থাকে অস্ত্ৰ - Crime in School

এইবাৰ যোৰহাটৰ শিক্ষানুষ্ঠানত ৰক্তপাত, তেজেৰে ৰাঙলী দুই ছাত্ৰ - Clash breaks out between students

পঞ্চভূতত বিলীন সহপাঠীৰ আক্ৰমণত নিহত ভৱেশ ডেকাৰ নশ্বৰ দেহ - Students Murder in Sipajhar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.