নগাঁও,4 ফ্ৰেবুৱাৰী: নগাঁও চহৰৰ সৌন্দৰ্য বৰ্ধনৰ বাবে বৃহস্পতিবাৰে নিশা জে চি বি ৰে ভাঙি পেলোৱা হৈছে পাঁচটাকৈ প্ৰতিমূৰ্তিৰ দেৱাল ৷ নগাঁও চহৰৰ মাজমজিয়াৰ আৱৰ্ত ভৱনৰ সমীপত থকা জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তিৰ লগতে নগাঁৱৰ চাৰিগৰাকীকৈ ব্যক্তিৰ আৱক্ষ মূৰ্তিৰ দেৱাল ভাঙি পথ বহল কৰাৰ কাম পূৰ্ণগতিত চলিছে নগাঁৱত ৷ জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তিৰ লগতে নগাঁৱৰ সু-সন্তান পূৰ্ণানন্দ শৰ্মা, হলধৰ ভূঞা, দেৱকান্ত বৰুৱা আৰু মহেন্দ্ৰনাথ হাজৰিকাৰ আৱক্ষ মূৰ্তিৰ লগতে জৱাহৰলাল নেহৰুৰ প্ৰতিমূৰ্তিৰ কিছু স্থানান্তৰ কৰি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে বিধায়ক ৰূপক শৰ্মাই ৷
উল্লেখ্য যে, নগাঁও চহৰৰ মাজমজিয়াৰ আনন্দৰাম ঢেকিয়াল ফুকন দলঙৰ সমীপতে নিৰ্মীয়মান পকী দলঙৰ সংযোগী পথ নিৰ্মাণৰ লগতে সৌন্দৰ্য্য বৰ্ধনৰ বাবেও আঁচনি গ্ৰহণ কৰিছে বিধায়কগৰাকীয়ে ৷ বৃহস্পতিবাৰে নিশা পৰ্যন্ত চলি থকা কামৰ অগ্ৰগতিৰ বুজ লয় বিধায়ক ৰূপক শৰ্মাই ৷ নিৰ্মীয়মান দলঙৰ কাম সম্পূৰ্ণ হলে নগাঁও চহৰৰ যান জঁটৰ সমস্যা কিছু পৰিমানে হলেও হ্ৰাস পাব বুলি দাবী কৰিছে বিধায়ক ৰূপক শৰ্মাই ৷
লগতে পঢ়কঃ বায়ু পথেৰে বহিঃজগতৰে সংযোজিত হ’ল মাজুলী