ETV Bharat / state

Fake Gold Smuggling : নগাঁৱত ড্ৰাগছ, নকল সোণৰ ব্যৱসায়ত নামিছে মহিলা

author img

By

Published : Aug 4, 2022, 3:24 PM IST

Updated : Aug 4, 2022, 4:04 PM IST

নগাঁৱত এতিয়া ড্ৰাগছৰ লগতে নকল সোণৰ ব্যৱসায়ত নামিছে একাংশ মহিলা (women smuggling drugs and fake gold in Nagaon) । নগাঁও আৰক্ষীৰ অভিযানত জব্দ ১৩ টাকৈ নকল সোণৰ নাও, ড্ৰাগছভৰ্তি কণ্টেইনাৰ ।

Nagaon
Nagaon

নগাঁও, ৪ আগষ্ট : নগাঁৱত এতিয়া ড্ৰাগছৰ লগতে নকল সোণৰ ব্যৱসায়ত নামিছে একাংশ মহিলা (women smuggling drugs and fake goldin Nagaon) । নগাঁও আৰক্ষীৰ অভিযানত জব্দ ১৩ টাকৈ নকল সোণৰ নাও, ড্ৰাগছভৰ্তি কণ্টেইনাৰ । আৰক্ষীৰ জালত ড্ৰাগছ ব্যৱসায়ী, প্ৰৱঞ্চক, নকল সোণ ব্যৱসায়ী মহিলা । এখন দুখন নহয়, ১৩ খনকৈ নকল সোণৰ নাও জব্দ হৈছে নগাঁও আৰক্ষীৰ এক বৃহৎ অভিযানত ।

নগাঁৱত ড্ৰাগছ, নকল সোণৰ ব্যৱসায়ত নামিছে মহিলা

উল্লেখ্য, নগাঁৱত এতিয়া ড্ৰাগছৰ লগতে নকল সোণৰ ব্যৱসায়ত নামিছে পুৰুষৰ লগতে একাংশ মহিলাও । নিজ বাসগৃহৰ পৰাই চলাইছে ড্ৰাগছৰ ব্যসায়ৰ লগতে নকল সোণৰ বেহা । নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত (Nagaon OC led police team search operation) আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই ১৩ খনকৈ নকল সোণৰ নাও জব্দ (Nagaon Police seized 13 fake gold boats) কৰাৰ লগতে ড্ৰাগছভৰ্তি ২৯ টাকৈ কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় (Nagaon Police seized 29 containers drugs) ।

নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত ৰহিমা খাতুন আৰু আব্দুল জব্বাৰ নামৰ দুই ব্যৱসায়ীকো আটক কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে । জব্দকৃত নকল সোণখিনিৰ ওজন প্ৰায় ৩৫ কেজি । নাও আৰু যিশুৰ মূৰ্তিৰ আকৃতিৰ নকল সোণ বিভিন্নজনক প্ৰৱঞ্চনাৰে বিক্ৰী কৰি অহাৰ অভিযোগ উঠিছে মহিলাগৰাকীৰ লগতে আব্দুল জব্বাৰৰ বিৰুদ্ধে ।

নগাঁৱৰ ছলছলিৰ বাসগৃহৰ পৰাই দীৰ্ঘদিন ধৰি ড্ৰাগছ আৰু নকল সোণ বিক্ৰী কৰি অহা ব্যৱসায়ী দুগৰাকী অৱশেষত জালত পৰিছে নগাঁও সদৰ আৰক্ষীৰ অভিযানত । অধিক তথ্যৰ বাবে ধৃত দুয়োগৰাকী ব্যৱসায়ীক জেৰা অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে ।

উল্লেখ্য যে বিগত কিছুদিন ধৰি নগাঁও চহৰৰ লগতে জিলাখনৰ বিভিন্ন এলেকাত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে নগাঁও সদৰ আৰক্ষীৰ থানাৰ আৰক্ষীয়ে নিশা অভিযান চলাই লাভ কৰিবলৈ সক্ষম হৈছে বৃহৎ সফলতা ।

লগতে পঢ়ক :Shocking incident in Barpeta: মাকক লগত লৈ কিয় থানাত সোমালগৈ মকবুল ?

Last Updated : Aug 4, 2022, 4:04 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.