ETV Bharat / state

Woman Attempts Suicide in Police Station: নগাঁও থানাৰ ভিতৰতে চিপ লৈ আত্মহত্যাৰ চেষ্টা এগৰাকী মাতৃৰ

author img

By

Published : Feb 5, 2023, 6:12 PM IST

নগাঁও সদৰ আৰক্ষী থানাত অভাৱনীয় পৰিস্থিতি । বাল্যবিবাহত জড়িত থকাৰ অভিযোগত পুত্ৰক আটক কৰাৰ পিচতে নগাঁও সদৰ থানাত ডিঙিত চিপ লৈ আত্মহত্যাৰ চেষ্টা যুৱকজনৰ মাতৃৰ(Woman Attempts to Commit Suicide in Police Station) । একাংশ আৰক্ষীৰ তৎপৰতাত কথমপি প্ৰাণৰক্ষা পৰে মহিলাগৰাকীৰ ৷

Woman Attempts Suicide in Police Station
নগাঁও আৰক্ষী থানাৰ ভিতৰতে চিপ লৈ আত্মহত্যাৰ চেষ্টা এগৰাকী মাতৃৰ

নগাঁও, ৫ ফেব্ৰুৱাৰী : মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশত বাল্যবিবাহৰ লগত জড়িত লোকৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলাই এজনৰ পাছত আনজনক কৰায়ত্ত কৰাৰ পাচতেই ৰাজ্যৰ ভিন্ন প্ৰান্তত ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে(Crackdown Against Child Marriage) ৷ আৰক্ষীৰ ৰোষত পৰাৰ ভয়ত তথা আত্মীয়ক কাৰাগাৰলৈ যোৱাৰ পৰা বচোৱাৰ বাবে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত বহুকেইজনে আত্মহননৰ প্ৰচেষ্টা চলোৱাৰ তথ্য জানিব পৰা হৈছে ৷ তেনে এক অনাকাংখিত ঘটনা সংঘটিত হৈছে এইবাৰ নগাঁৱত ৷

নগাঁও আৰক্ষী থানাৰ ভিতৰতে শনিবাৰে নিশা এগৰাকী মহিলাই ডিঙিত চিপ লৈ আত্মহত্যাৰ চেষ্টা কৰে(Woman Attempts Suicide In Police Station ) ৷ মহিলাগৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলোৱাৰ লগে লগে হুৱাদুৱা লাগে আৰক্ষী থানা চৌহদত । কিংকৰ্তব্যবিমূহ হৈ পৰে থানাৰ আৰক্ষী ৷ অৱশ্যে উপস্থিত একাংশ আৰক্ষীৰ তৎপৰতাত কথমপি ৰক্ষা পৰে মহিলাগৰাকীৰ প্ৰাণ ৷ থানাত উপস্থিত আৰক্ষীয়ে মহিলাগৰাকীয়ে ডিঙিৰ পৰা চিপ ল’বলৈ চেষ্টা কৰা কাপোৰ লৈ যাবলৈ সক্ষম হয় । বাল্যবিবাহত জড়িতৰ অভিযোগত পুত্ৰক আটক কৰাৰ বাবেই নগাঁও সদৰ আৰক্ষী থানাৰ ভিতৰতে ডিঙিত চিপ লৈ আত্মহত্যাৰ চেষ্টা কৰিছিল তেওঁৰ মাতৃয়ে ।

নগাঁৱৰ ডাকৰঘাটৰ পৰা শনিবাৰে নিশা বাল্যবিবাহত জড়িত থকাৰ অভিযোগত নগাঁও সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কেইবাজনো লোকক(Operation against child marriage in Assam) ৷ নিশা আটক কৰা লোকসকলক দেওবাৰে আদালতত হাজিৰ কৰিবলৈ নিয়াৰ সময়তে তেওঁলোকৰ মাতৃয়ে মাটিত বাগৰি হিয়া ঢাকুৰি কান্দিবলৈ আৰম্ভ কৰাৰ লগতে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ । আনকি আৰক্ষীৰ বাহনৰ সন্মুখতে ঢলি পৰে মহিলাসকল । পুত্ৰৰ বয়সৰ সম্পূৰ্ণ নথিপত্ৰ থকাৰ পিছতো আৰক্ষীয়ে আটক কৰাৰ অভিযোগ উত্থাপন কৰি পুত্ৰৰ মুক্তি বিচাৰি এনে পৰিস্থিতিৰ সৃষ্টি কৰে একাংশ মহিলাই ।

ইয়াৰ মাজতেই এইগৰাকী মহিলাই নিজৰ পুত্ৰৰ মুক্তি বিচাৰি আৰক্ষীক আপত্তি দৰ্শাই যদিও পুত্ৰক মুক্তি নিদিয়াত আৰক্ষী থানাৰ ভিতৰতে ডিঙিত চিপ লৈ আত্মহত্যাৰ চেষ্টা কৰে মহিলাগৰাকীয়ে । লগে লগে হুৱাদুৱা লাগে আৰক্ষী থানা চৌহদত । ইতিমধ্যে মানকাচৰত সংঘটিত হৈছে অনুৰূপ ঘটনা ৷ নিজ পিতৃক বচাবলৈ লৈ আত্মহত্যাৰ পথ বাচি লয় এগৰাকী বিধৱা যুৱতীয়ে ৷ মানকাচৰৰ ঝাউডাংগা পুবেৰ গাঁৱৰ নিবাসী এগৰাকী যুৱতীক পিতৃয়ে ঘৰৰ অৱস্থাৰ বাবে নাবালিকা অৱস্থাতেই বিয়া দিছিল (Widow suicide in Mankachar) ৷ দুবছৰ পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ মহিলাগৰাকীৰ স্বামীৰ মৃত্যু হোৱাত মাতৃগৃহত পিতৃৰ সৈতে দুই সন্তানসহ লৈ বাস কৰিছিল মহিলাগৰাকীয়ে (Widow committed suicide to save father) ৷

লগতে পঢ়ক: Operation Against Child Marriage: বাল্যবিবাহ কৰি আটক হোৱাৰ ভয়ত শহুৰৰ ঘৰত চিপ লৈ আত্মহনৰ চেষ্টা যুৱকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.