ETV Bharat / state

Man Elephant Conflict in Nagaon: বনৰীয়া হাতীৰ তাণ্ডৱ; আক্ৰমণত নিহত মাতৃ-পুত্ৰ

author img

By

Published : Jul 7, 2023, 10:30 AM IST

নগাঁও-শোণিতপুৰ জিলাৰ সীমামূৰীয়া মুছলেম চাপৰিত বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে প্ৰাণ হেৰুৱালে মাতৃ পুত্ৰই ৷ লগতে একেটা পৰিয়ালৰে আন দুজনকৈ সদস্য বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৷

Man Elephant Conflict in Nagaon
বনৰীয়া হাতীৰ তাণ্ডৱ

নগাঁও, 7 জুলাই: ৰাজ্যত সঘনাই বৃদ্ধি পাব ধৰিছে হাতী-মানুহৰ সংঘাত ৷ বনাঞ্চল ধ্বংসৰ বাবে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে ঠায়ে ঠায়ে মানুহৰ ঘৰ ভঙাৰ লগতে তহিলং কৰিছে খেতি-পথাৰ ৷ বন্যহস্তীৰ ত্ৰাসত প্ৰায়ে উজাগৰী নিশা কটাবলগীয়া হৈছে বিভিন্ন অঞ্চলৰ ৰাইজে ৷ সমান্তৰালভাৱে বন্যহস্তীৰ আক্ৰমণত বহু লোক নিহত হোৱাৰ লগতে আহত হৈছে অজস্ৰজন ৷

এইবাৰ নগাঁও-শোণিতপুৰ জিলাৰ সীমামূৰীয়া মুছলেম চাপৰিত সংঘটিত হ’ল এক শোকাৱহ ঘটনা ৷ নগাঁও-শোণিতপুৰ জিলাৰ সীমামূৰীয়া মুছলেম চাপৰিত নিশা তাণ্ডৱ চলায় বনৰীয়া হাতীয়ে ৷ জুৰীয়াৰ পাৰ্শ্বৱৰ্তী চাপৰিটোত বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে প্ৰাণ হেৰুৱালে মাতৃ-পুত্ৰই ৷ লগতে একেটা পৰিয়ালৰে আন দুজনকৈ সদস্য বনৰীয়া হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৷

জানিব পৰা মতে নিশা অহা এটা বনৰীয়া হাতীয়ে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি চলোৱা আক্ৰমণত নিহত হয় খাদিজা বেগম নামৰ মহিলাগৰাকীৰ লগতে খাদিজা বেগমৰ দহবছৰীয়া পুত্ৰ ৷ যোৱা নিশা মুছলেম চাপৰিত লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা লাডেন নামেৰে জনাজাত বনৰীয়া হাতীটোৱে খাদিজা বেগমৰ বাসগৃহত চলায় প্ৰকাৰ তাণ্ডৱ ৷ হাতীটোৰ আক্ৰমণত মাতৃ-পুত্ৰ নিহত হোৱাৰ লগতে পৰিয়ালটোৰে আন দুজনকৈ লোক গুৰুতৰভাৱে আহত হয় ৷

লগে লগে সমগ্ৰ অঞ্চলটোতে সৃষ্টি হয় এক আতংকময় পৰিবেশৰ ৷ নিশাই স্থানীয় লোকে আতংকৰ মাজতে নিহত মাতৃ-পুত্ৰক উদ্ধাৰ কৰাৰ লগতে আহত দুয়োগৰাকীকে চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি সংকটজনক অৱস্থাত নগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আহত দুয়োগৰাকী ৷ ইফালে সমগ্ৰ এলেকাটোতে তাণ্ডৱ চলোৱা বনৰীয়া হাতীটো এই পৰ্যন্ত বন বিভাগৰ লোকে অভয়াৰণ্যৰ দিশে খেদি পঠিয়াব‌লৈ সক্ষম হোৱা নাই বুলি জানিব পৰা গৈছে ৷ সমগ্ৰ এলেকাত এতিয়া বনৰীয়া হাতীৰ আতংকত ত্ৰস্তমান হৈ পৰিছে সকলো ৷

লগতে পঢ়ক : Assam Assembly Tree Felling Row: নিৰ্মাণকাৰ্য চলিলে গছ কাটিব লগাটো স্বাভাৱিক: বিশ্বজিত দৈমাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.