ETV Bharat / state

বনৰীয়া চৰাই চিকাৰীৰ বিৰুদ্ধে নগাঁও বন বিভাগৰ অভিযান - দুষ্প্ৰাপ্য বনৰীয়া চৰাই

নগাঁৱত চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান ৷ গোপন তথ্য ভিত্তিত উদ্ধাৰ দুষ্প্ৰাপ্য বনৰীয়া চৰাইসহ দুজনকৈ চোৰাং চিকাৰীক আটক (Wild birds poachers arrested in Nagaon)৷

wild-birds-poachers-arrested-in-nagaon
বনৰীয়া চৰাই চিকাৰীৰ বিৰুদ্ধে নগাঁও বন বিভাগৰ অভিযান
author img

By

Published : May 12, 2022, 10:26 PM IST

নগাঁও, 12 মে' : চোৰাং চিকাৰীৰ বিৰুদ্ধে সষ্টম নগাঁও বন বিভাগ । বনৰীয়া চৰাইসহ নগাঁও বন বিভাগৰ জালত চোৰাং চিকাৰী ৷ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে বনৰীয়া চৰাইৰ চোৰাং চিকাৰ । জিলাখনৰ বিভিন্ন বিল জলাশয়ৰ লগতে বিশেষকৈ লাওখোৱা অভয়াৰণ্যলৈ আগমন ঘটা বিভিন্ন প্ৰজাতিৰ চৰাই চিকাৰৰ বাবে সক্ৰিয় হৈ থাকে একাংশ চোৰাং চিকাৰী ।

এক গোপন তথ্যৰ ভিত্তিত নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ খণ্ড বন বিষয়া ইফটিকাৰ হুছেইনৰ নেতৃত্বত বনকৰ্মীৰ এটা দলে অভিযান চলাই নগাঁৱৰ জুৰীয়া আধাখুন্দা গাঁৱৰ পৰা বন বিভাগৰ দলটোৱে বহুকেইটা বনৰীয়া চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইফালে, বন বিভাগৰ লোকে চলোৱা এই অভিযানত আধাখুন্দা গাঁৱৰ পৰা ১৩ টা কামচৰাই, ১০ টা শৰালী হাঁহ আৰু ৬ টা ডাউক চৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় । লগতে এই কাণ্ডৰ সৈতে জড়িত আব্দুল ৰহিম আৰু মোছাৰফ আলীক আটক কৰিবলৈ সক্ষম হয় (Wild birds poachers arrested in Nagaon)।

বনৰীয়া চৰাই চিকাৰীৰ বিৰুদ্ধে নগাঁও বন বিভাগৰ অভিযান

ইফালে, ধৃত চোৰাং চিকাৰীকেইটাৰ জেৰাৰ অন্তত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰি নগাঁও আদালতত হাজিৰ কৰোৱা হয় । জানিব পৰা মতে, ধৃত লোকদুজন দীৰ্ঘদিনৰ পৰাই বনৰীয়া চৰাই চিকাৰ কৰি বজাৰত বিক্ৰী কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে । সম্প্ৰতি জিলাখনত অব্যাহত থকা বনৰীয়া চৰাইৰ নিধনযজ্ঞক লৈ উদ্বিগ্ন হৈ পৰিছে প্ৰকৃতিপ্ৰেমী । বনৰীয়া চৰাইৰ চিকাৰ আৰু বিভিন্ন ভিতৰুৱা বজাৰত চলি থকা বিক্ৰী বন্ধ কৰিবলৈ বন বিভাগক দাবী জনাইছে প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে ৷

লগতে পঢ়ক : Landslide disrupts train services in Dima Hasao : শিলচৰ-লামডিং ব্ৰডগজ ৰেলপথত ভূমিস্খলন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.