ETV Bharat / state

The Police and Drugs: ড্ৰাগছৰ শেষৰটো টেমা থকালৈকে চলিব আনন্দ মিশ্র বাহিনীৰ অভিযান - বহুল চৰ্চিত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ

শেষৰটো ড্ৰাগচৰ টেমা থকালৈকে অভিযান চলাই যাব বহুল চৰ্চিত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বাহিনীয়ে (mission against drug and peddler) ৷ নগাঁৱৰ আৰক্ষী অধীক্ষকগৰাকীয়ে মঙলবাৰে নিশাও আটক কৰে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ সৰবৰাহকাৰীক ৷

Drug Paddler Arrest
ড্ৰাগছৰ শেষৰটো টেমা থকালৈকে চলিব আনন্দ মিশ্রৰ অভিযান
author img

By

Published : Dec 15, 2021, 7:13 PM IST

নগাঁও, 15 ডিচেম্বৰ: নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায়েই আছে আনন্দ মিশ্ৰ বাহিনীয়ে (mission against drug and drug peddler)। ড্ৰাগছৰ বিৰুদ্ধে পুনৰ অভিযান চলাই সফলতা লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী । নগাঁৱক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত থকাৰ সময়তে পুনৰ বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ দুই ভাতৃ-ভগ্নীক আটক কৰিবলৈ সক্ষম হৈছে নগাঁও আৰক্ষী (Drug peddler arrested in Nagaon) ।

মঙলবাৰে নিশা এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নগাঁৱৰ উপ-আৰক্ষী অধীক্ষক তৃদীপ কুম্বাং আৰু হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া তৰংগ পাটোৱাৰীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাইছিল নগাঁৱৰ নাৰামাৰীৰ এগৰাকী মহিলাৰ ঘৰত । নিশা আৰক্ষীৰ দলটোৱে চলোৱা অভিযানত বাসগৃহটোৰ পৰা জব্দ কৰিলে বুজন পৰিমাণৰ হেৰ'ইন । জব্দ কৰা হেৰ'ইনখিনিৰ মূল্য প্ৰায় সাত লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে ।

ড্ৰাগছৰ শেষৰটো টেমা থকালৈকে চলিব আনন্দ মিশ্রৰ অভিযান

অভিযানকাৰী দলটোৱে ঘৰটোৰ পৰা আছফিনা খাতুন নামৰ মহিলাগৰাকীৰ লগতে মহিলাগৰাকীৰ ভাতৃ জাকিৰ হুছেইনকো আটক কৰিবলৈ সক্ষম হয় । লগতে ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত দুই ভাতৃ-ভগ্নীৰ পৰা নগদ ধনো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে । মহিলাগৰাকীৰ এই নাৰামাৰীস্থিত বাসগৃহটোৰ পৰাই দুই ভাতৃ-ভগ্নীয়ে মিলি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়খন চলাই অহাৰ অভিযোগ উত্থাপন হৈছে । অতি গোপনে চলাই অহা ড্ৰাগছৰ ঘাটিৰ বিষয়ে অৱগত হোৱাৰ লগে লগে অভিযান চলাই ঘটিটো উৎখাত কৰিবলৈ সক্ষম হয় আনন্দ মিশ্ৰ বাহিনী ।

ইপিনে নগাঁৱত ড্ৰাগছৰ শেষৰটো টেমা থকালৈকে অভিযান অব্যাহত ৰখাৰ হুংকাৰ দিয়ে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই । অতি শেহতীয়াকৈ ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত কুখ্যাত ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পিছত তেওঁলোকৰ পৰিয়ালৰ আন সদস্যৰ সহযোগত অতি কৌশলেৰে ড্ৰাগছৰ বেহা অব্যাহত ৰখা বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে আনন্দ মিশ্ৰই ।

লগতে পঢ়ক: Human Trafficking at Rangapara : মানৱ সৰবাহকাৰীৰ কবলৰ পৰা সাতগৰাকী যুৱক-যুৱতীক উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.