ETV Bharat / state

চিৰবিদায় মাগিলে অসম আন্দোলনৰ অগ্ৰণী নেতা বিৰাজ হাজৰিকাই

author img

By

Published : Dec 28, 2020, 12:46 PM IST

বৰাকত সদৌ অসম ছাত্ৰ সন্থাৰ ভেটি স্থাপন কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা প্ৰাক্তন ছাত্র নেতা বিৰাজ হাজৰিকাৰ দেহাৱসান । দেওবাৰে আবেলি ৫.১৫ বজাত কলিয়াবৰৰ সোণাৰি গাঁওস্থিত নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে অসম আন্দোলনৰ অগ্ৰণী নেতাগৰাকীয়ে । বিৰাজ হাজৰিকাৰ মৃত্যুত শোক প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ ।

প্ৰাক্তন ছাত্র নেতা বিৰাজ হাজৰিকাৰ দেহাৱসান

কলিয়াবৰ, ২৮ ডিচেম্বৰ: দেওবাৰে পৰলোকপ্ৰাপ্তি ঘটে নগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বিৰাজ হাজৰিকাৰ । দীৰ্ঘদিন ধৰি তেওঁ বৃক্কৰ ৰোগত আক্ৰান্ত হৈ আছিল । দেওবাৰে আবেলি ৫.১৫ বজাত কলিয়াবৰৰ সোণাৰি গাঁওস্থিত নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে । ৬১ বছৰ বয়সত পৰলোকগামী হোৱা প্ৰয়াত হাজৰিকাৰ মৃত্যুত শোকৰ ছাঁ পৰিছে কলিয়াবৰৰ লগতে সমগ্ৰ নগাঁও জিলাতে ।

কলিয়াবৰ প্ৰাক্তন আছু সন্মিলনীৰ উপদেষ্টা তথা সোণাৰী-কামাখ‍্যা শিশু একাডেমীৰ প্ৰতিষ্ঠাপক সভাপতি বিৰাজ হাজৰিকাক অন্তিম শ্ৰদ্ধা নিবেদন কৰে অগণন গুনমুগ্ধ তথা বিভিন্ন দল-সংগঠন, অনুষ্ঠানৰ প্ৰতিনিধিবৰ্গই ৷ তেওঁৰ মৃত্যুত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, প্ৰাক্তন মন্ত্ৰী গুণীন হাজৰিকা,গিৰীন্দ্ৰ কুমাৰ বৰুৱা,সমাজ কৰ্মী প্ৰশান্ত শইকীয়াই শোক প্ৰকাশ কৰে ।

কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতি,কলিয়াবৰ প্ৰাক্তন আছু সন্মিলনী, সোণাৰি গাঁও শিশু একাডেমী, কলিয়াবৰ জিলা ম‌ইনা পাৰিজাত, কলিয়াবৰ ক্ৰীড়া সন্থা আদিৰ লগতে সোণাৰী গাঁৱৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰে । ছাত্রাৱস্থাৰ পৰাই আন্দোলনৰ লগত সক্ৰিয়ভাৱে জড়িত বিৰাজ হাজৰিকাই কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিভিন্ন বিষয়বাবৰ দায়িত্ব গ্ৰহণ কৰি ছাত্ৰ সন্থাক নেতৃত্ব দি ১৯৮৫ চনত নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতিৰ পদ অলংকৃত কৰিছিল ।

পৰৱৰ্তী সময়ত হাজৰিকাৰ বলিষ্ঠ নেতৃত্বৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত হৈছিল । ইয়াৰ উপৰিও অসম আন্দোলনৰ সময়ত কলিয়াবৰ কেন্দ্ৰীয় গণ সংগ্ৰাম পৰিষদৰ আহ্বায়ক ৰূপেও বিৰাজ হাজৰিকাই অসম আন্দোলনক শক্তিশালী নেতৃত্ব দিছিল । কলিয়াবৰৰ বিভিন্ন সামাজিক-সাংস্কৃতিক কাম-কাজৰ লগত সক্ৰিয়ভাবে জড়িত থকাৰ লগতে সাহিত্য সভাৰো এগৰাকী সক্ৰিয় সদস‍্য আছিল । শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত সক্ৰিয় আৰু শক্তিশালী ভূমিকা পালন কৰিছিল ৷

আছুৰ সাংগঠনিক আৰু প্ৰচাৰ সম্পাদকৰ দায়িত্বত থকাৰ সময়তেই বৰাকত সংগঠনটোৰ ভেঁটি স্থাপনত অভূতপূৰ্ব অৰিহণা আগবঢ়াইছিল । চলিত বৰ্ষৰ ৯ নৱেম্বৰত আয়োজিত হোৱা শ্বহীদ নৰেন্দ্ৰ নাথ মহন্তৰ শ্বহীদ দিৱসত ছাত্ৰ সমাজলৈ আগবঢ়োৱা অনবৈদ‍্য অৰিহণাৰ বাবে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ-সন্থাই সম্বৰ্দ্ধনা জনাইছিল বিৰাজ হাজৰিকাক ।

লগতে পঢ়ক:বিৰোধী দলপতিৰ স্বীকৃতি হেৰুৱালে দেৱব্ৰত শইকীয়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.