ETV Bharat / state

এখন বিশেষ বজাৰত পানীৰ দৰত বিক্ৰী হৈছে শাক-পাচলি - বিঘাই বিঘাই গেলিছে শাক-পাচলিৰ খেতি

বজাৰৰ অভাৱত ধিঙৰ পাৰ্শ্বৱৰ্তী ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি অঞ্চল সমূহত বিঘাই বিঘাই গেলিছে শাক-পাচলিৰ খেতি ৷ কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে উৎপাদন কৰা শাক পাচলি বিক্ৰী কৰিব নোৱাৰি গৰু ম'হক খুৱাব লগীয়া পৰিস্থিতিত পৰিছে দৰিদ্ৰ কৃষক ৷

বিঘাই বিঘাই গেলিছে শাক-পাচলিৰ খেতি
বিঘাই বিঘাই গেলিছে শাক-পাচলিৰ খেতি
author img

By

Published : Feb 20, 2021, 9:15 AM IST

ধিং,20 ফেব্ৰুৱাৰী: বজাৰৰ অভাৱত বিঘাই বিঘাই গেলিছে শাক-পাচলিৰ খেতি ৷ ধিঙৰ স্থানীয় বজাৰত পানীৰ দৰত বিক্ৰী হৈছে শাক-পাচলি । কপালৰ ঘাম মাটিত পেলাই কৰা খেতি ডৰাত এৰি দিব লগাত পৰিছে এতিয়া গৰু-ছাগলী ৷ বিশেষকৈ ধিঙৰ কৃষক সকলৰ মাজত লাগিছে এতিয়া হাহাকাৰ ৷

এখন বিশেষ বজাৰত পানীৰ দৰত বিক্ৰী হৈছে শাক-পাচলি

ৰাজ্যৰ বিভিন্ন বজাৰত গ্ৰাহকে বস্তুৰ অভাৱনীয় হাৰত ক্ৰয় কৰি থকাৰ সময়তেই ধিঙৰ পাৰ্শ্বৱৰ্তী ব্ৰহ্মপুত্ৰৰ চৰ চাপৰি অঞ্চল সমূহৰ কৃষক ৰাইজে কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে উৎপাদন কৰা শাক-পাচলি বিক্ৰী কৰিব নোৱাৰি গৰু ম'হক খুৱাবলগীয়া পৰিস্থিতিত পৰিছে ৷ ধিঙৰ বজাৰ সমূহত পাচলি ওজনত বিক্ৰী কৰা নহয় । বিক্ৰী হয় বস্তাই প্ৰতি ৷

বিঘাই বিঘাই গেলিছে শাক-পাচলিৰ খেতি
বিঘাই বিঘাই গেলিছে শাক-পাচলিৰ খেতি

আনকি পাচলি বিক্ৰী কৰিব নোৱাৰি বজাৰতে বস্তাই বস্তাই পাচলি পেলাই থৈ আহিব লগা পৰিলক্ষিত হৈছে ৷ পাইকাৰী মূল্যত প্ৰতি কেজি বিলাহী-বেঙেনাৰ মূল্য ৫০ পইচাৰ পৰা ১ টকা, বন্ধাকবি ৫০ পইচা, আলু ৩ টকাৰ পৰা ৫ টকা, ৰঙালাও ২ টকা লৈ হ্ৰাস হোৱা পৰিলক্ষিত হৈছে ৷

দীৰ্ঘ দিনীয়া লক ডাউন আৰু শাক পাচলিৰ মূল্য হ্ৰাস হোৱাৰ বাবে এই কৃষক সকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে । দিশহাৰা হৈ পৰিছে এতিয়া এই কৃষক সকল । সেয়ে কৃষক ৰাইজে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সহায় বিচাৰিছে ।

লগতে পঢ়কঃ শীঘ্ৰে বিবাহপাশত আৱদ্ধ হ’ব দিয়া মিৰ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.