নগাঁও, 19 মাৰ্চ: বীৰ লাচিত সেনাৰ নগাঁও জিলাৰ সভাপতি ৰূপজ্যোতি শইকীয়াৰ লগতে ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতা ভাস্কৰ বৰাক আটক ৷ বঢ়মপুৰ সমষ্টিৰ বিজেপি বিধায়ক জিতু গোস্বামীৰ এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে আটক কৰে দুয়োজন নেতাক ৷ কামপুৰৰ নিৰ্মীয়মান দলং খহি পৰা (Jitu Goswami MLA Barhampur) ঘটনাৰ প্ৰসংগ আৰক্ষীয়ে আটক কৰে নেতাদ্বয়ক ৷
উল্লেখযোগ্য যে, নিৰ্মাণৰত অৱস্থাতে খহি পৰিছিল কামপুৰৰ কপিলী নদীৰ ওপৰত নিৰ্মাণ হৈ থকা দ্বিতীয়খন দলং ৷ স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি, নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ ফলতেই ভাঙি পৰিল নৱনিৰ্মিত দলংখন ৷ স্থানীয় ৰাইজে দলংখন নিৰ্মানত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ সন্দৰ্ভত তদন্তৰ দাবীৰে সাব্যস্ত কৰিছিল প্ৰতিবাদ (Bridge collapsed while under construction in Assam) ৷
কামপুৰৰ নিৰ্মীয়মান পকী দলং ভাঙি পৰাৰ পিছতেই ক্ষোভিত হৈ কামপুৰৰ ৰাইজৰ লগতে প্ৰতিবাদমুখৰ হৈ পৰিছিল বিভিন্ন দল সংগঠন । বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি স্থানীয় বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধেও উত্থাপন কৰিছিল অভিযোগ । বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে মন্তব্য কৰিছিল বীৰ লাচিত সেনাৰ নেতা ৰূপজ্যোতি শইকীয়া আৰু ৰাইজৰ দলৰ নেতা ভাস্কৰ বৰাই (Protest against Bridge collapsed at Kampur) ৷
কামপুৰত দলং নিৰ্মাণত দুৰ্নীতি হোৱাৰ অভিযোগ তুলিছিল সংগঠন কেইটাই । বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধেও তুলিছিল অভিযোগৰ আঙুলি । নিৰ্মাণৰত অৱস্থাতে হঠাৎ খহি পৰিছিল পকী দলংখন । যাক লৈ সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
এনে সময়তে বিধায়ক জিতু গোস্বামীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা সংগঠন দুটাৰ বিৰুদ্ধে বিধায়ক জিতু গোস্বামীয়ে নগাঁও আৰক্ষীৰ ওচৰত দাখিল কৰিছিল এজাহাৰ (Beer lachit sena leader detain in Nagaon)। লগতে 1 কোটি টকাৰ মানহানি গোচৰ দিয়াৰ কথাও সংবাদ মাধ্যমৰ ওচৰত সদৰি কৰিছিল বিধায়ক জিতু গোস্বামীয়ে (Raijor Dal leader detain in Nagaon)।
বিধায়ক জিতু গোস্বামীৰ এজাহাৰৰ ভিত্তিতে নিশা নগাঁও আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ নগাঁও জিলা সভাপতি ৰূপজ্যোতি শইকীয়া আৰু ৰাইজৰ দলৰ নেতা ভাস্কৰ বৰাক ৷ নিশাই দুয়োকে আটক কৰি নগাঁও সদৰ আৰক্ষী থানালৈ লৈ অনা হয় । দুয়োজন নেতাক এতিয়া এনেদৰে আটক কৰাক কেন্দ্ৰ কৰি নগাঁৱত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ (Police detained two leaders in Nagaon)।