ETV Bharat / state

কৰ'ণাক পৰাস্ত নগাঁৱৰ দুই চাফাই কৰ্মীৰ - কৰ'ণাৰ বাবে জাৰি কৰা নিয়ম

মহামাৰী কৰ'ণাক লৈ সম্প্ৰতি ব্যস্ত সমগ্ৰ বিশ্ব । এই মহামাৰীৰ সৈতে যুঁজ বহু লোকৰ পৰাস্ত হৈছে যদিও,এই মহামাৰীকো পৰাস্ত কৰিছে একাংশ লোকে । এই মহামাৰীৰ কবলৰ পৰা সম্প্ৰতি সুস্থ হৈ উঠিছে,নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কৰ্মৰত দুগৰাকীকৈ চাফাই কৰ্মী ।

নগাঁৱৰ দুই চাফাই কৰ্মী
নগাঁৱৰ দুই চাফাই কৰ্মী
author img

By

Published : Jul 13, 2020, 5:24 PM IST

Updated : Jul 13, 2020, 9:10 PM IST

নগাঁও, 13 জুলাইঃ সমগ্ৰ দেশৰ ভিন্ন ৰাজ্যৰ লগতে,ক্ৰমান্বয়ে অসমতো জটিল ৰূপ ধাৰণ কৰিছে কৰ'ণা মহামাৰীয়ে । বৰ্তমানলৈ অসমত 16806 গৰাকী লোক আক্ৰান্ত হৈছে ক'ভিড-19ত । ইয়াৰ বিপৰীতে এই মহামাৰীত আক্ৰান্ত হৈ 36 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে অসমত । বৰ্তমানেও 5873 গৰাকী সক্ৰিয় আক্ৰান্ত লোক আছে ৰাজ্যখনত । ইয়াৰ ভিতৰত সৰহ সংখ্যক লোকেই আক্ৰান্ত লক্ষণ বিহীন ক'ভিড-19ত । ৰাজ্যৰ আন প্ৰান্তৰ লগতে নগাঁৱতো বৃদ্ধি পাইছে কৰ'ণাৰ সংক্ৰমণ । এই পৰ্যন্ত নগাঁৱত 954 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে,645 গৰাকী লোক সুস্থ হৈ উঠিছে ।

কৰ'ণাক পৰাস্ত নগাঁৱৰ দুই চাফাই কৰ্মীৰ

তাৰ মাজতে ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত কৰ্মৰত দুগৰাকীকৈ চাফাই কৰ্মী আক্ৰান্ত হয় ক'ভিডত । বিগত 23 জুনত স্বাস্থ্য পৰীক্ষা কৰোৱা চাফাই কৰ্মী দুগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল আহে 2 জুলাইত । তাৰ পাচতেই দুয়োগৰাকী লোকক ভৰ্তি কৰোৱা হয় নগাঁৱ অসামৰিক চিকিৎসালয়ত। দহ দিনৰ চিকিৎসাৰ অন্তত সম্প্ৰতি সুস্থ হৈ উঠিছে দুয়োগৰাকী চাফাই কৰ্মী । দুয়োগৰাকী সুস্থ হৈ উঠা লোকে নিজৰ চিকিৎসাধীন অৱস্থাত থকা বিভিন্ন অভিজ্ঞতাৰ বিষয়ে জনাই,এই ৰোগক লৈ অধিক চিন্তিত হোৱাৰ কাৰণ নাই বুলি উল্লেখ কৰে সংবাদ মাধ্যমযোগে । লগতে সকলোকে কৰ'ণাৰ বাবে জাৰি কৰা নিয়মসমূহ মানি চলিবলৈ আহ্বান জনায় কৰ'ণা যোদ্ধা দুগৰাকীয়ে ।

লগতে পঢ়কঃ ৰাজ্যত পুনৰ 735গৰাকীৰ দেহত ধৰা পৰিল কোভিড-19

Last Updated : Jul 13, 2020, 9:10 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.