ETV Bharat / state

ট্ৰাক চালকক ধনদাবী আবকাৰী বিভাগৰ ! - ট্ৰাক চালকক ধনদাবী আবকাৰী বিভাগৰ !

সুৰা সৰবৰাহৰ সন্দেহত আবকাৰী বিভাগে কলিয়াবৰত জব্দ কৰিলে এখন সৰিয়হ ভৰ্তি ট্ৰাক । আবকাৰী বিভাগে ট্ৰাকৰ চালক আৰু কৰ্মচাৰীক হাৰাশাস্তি কৰা অভিযোগ উত্থাপন ।

ট্ৰাক চালকক ধনদাবী আবকাৰী বিভাগৰ !
ট্ৰাক চালকক ধনদাবী আবকাৰী বিভাগৰ !
author img

By

Published : Mar 2, 2021, 4:53 PM IST

কলিয়াবৰ, ২মাৰ্চ: কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা । আবকাৰী বিভাগৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ট্ৰাকৰ চালকৰ । ধন দাবী আৰু বিনাকাৰণত হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে ঢকুৱাখানাৰ পৰা সৰিয়হ কঢ়িয়াই অনা এখন ট্ৰাকৰ চালক হেণ্ডিমেনে । উল্লেখ যে সৰিয়হ ভৰ্তি AS-২২-C-৮০৮৫ নম্বৰৰ ট্ৰাকখন ৰহালৈ গৈ আছিল । ট্ৰাকখনত সুৰা থকা বুলি নিশা প্ৰায় ১০ মান বজাত আৰক্ষীৰ সহযোগত আবকাৰী বিভাগে কলিয়াবৰ তিনিআলিত ট্ৰাকখন জব্দ কৰে । কিন্তু ট্ৰাক খনত সুৰাৰ সন্ধান নাপালে আবকাৰী বিভাগে । যাৰ বাবে চালক আৰু ট্ৰাকখনৰ আন কৰ্মচাৰীসকলে হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে আবকাৰী বিভাগৰ লোকসকলৰ বিৰুদ্ধে । কেৱল এয়াই নহয় ট্ৰাকখনৰ চালকক আবকাৰী বিভাগে ডেৰ লাখ টকা দাবী কৰাৰো গুৰুতৰ অভিযোগ কৰিছে ।

ট্ৰাক চালকক ধনদাবী আবকাৰী বিভাগৰ !

আনহাতে আবকাৰী বিভাগে এই সমগ্ৰ ঘটনা মিছা আৰু ভিত্তিহীন বুলি দাবী কৰিছে । তেওঁলোকৰ মতে নিশা বেছি হোৱাৰ বাবে ট্ৰাকখনত তালাচী চলোৱা হোৱা নাছিল ।

লগতে পঢ়ক:সোণাৰিত বন্দুকসহ দুই নগা দুৰ্বৃত্ত আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.