ETV Bharat / state

নগাঁৱত তৰুণ গগৈৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি - শ্ৰদ্ধাঞ্জলি

নগাঁৱত জননেতা তৰুণ গগৈৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি অৰ্পন । জিলা কংগ্ৰেছৰ শান্তি সদ্ভাৱনা যাত্ৰা । নেহৰুবালিত কলংঘাটত বিসৰ্জন চিতাভস্ম ।

নগাঁৱত তৰুণ গগৈৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি
নগাঁৱত তৰুণ গগৈৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি
author img

By

Published : Dec 24, 2020, 5:06 PM IST

Updated : Dec 24, 2020, 5:21 PM IST

নগাঁও, 24 ডিচেম্বৰ: বৃহস্পতিবাৰে নগাঁৱত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জননেতা তৰুণ গগৈৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলী অৰ্পন কৰা হয় । সেই উপলক্ষে নগাঁৱৰ ডচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ খেলপথাৰত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় । নগাঁও জিলা কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ কাৰ্যসূচীৰ অংশৰূপে নাম-প্ৰসংগ, সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হয় ।

নগাঁৱত তৰুণ গগৈৰ চিতাভস্মত শ্ৰদ্ধাঞ্জলি

কাৰ্যসূচীত বিভিন্ন দল-সংগঠন আৰু ছাত্ৰ সমাজে প্ৰয়াত নেতাগৰাকীক শ্ৰদ্ধা নিবেদন কৰে । নাম-প্ৰসংগ কাৰ্যসূচীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সাংসদ পুত্ৰ গৌৰৱ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, গৌতম বৰা, প্ৰাক্তন বিধায়ক ডাঃ দূৰ্লভ চমুৱা আদিকে ধৰি বহু কেইগৰাকী নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে । প্ৰায় সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতেই প্ৰয়াত মুখ্যমন্ত্ৰী গৰাকীৰ চিতাভস্ম গায়ন-বায়নসহিতে সমদল কৰি নগাঁও চহৰৰ কলঙৰ বাকৰি নেহৰুবালিলৈ আনি কলঙত বিসৰ্জন দিয়া হয় । সেই কাৰ্যসূচীৰ অংশৰূপে নগাঁও চহৰৰ পাঁচখনকৈ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত গ্ৰন্থও বিতৰণ কৰা হয় । নাম-প্ৰসংগ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনাৰে মুখৰ হৈ পৰা অনুষ্ঠানটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ।

লগতে পঢ়ক: কৰিমগঞ্জত বিজেপিৰ কাৰ্যনিৰ্বাহক সভাত অংশ ল'ব মন্ত্ৰী হিমন্তই

Last Updated : Dec 24, 2020, 5:21 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.