নগাঁও, 31 জুলাই : কৰ'ণা আৰু বানপানীৰ ভয়াৱহতাৰ মাজতে শুকুৰবাৰে নগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ নগাঁৱৰ উপপাথৰি বাইপাছত সংঘটিত হয় দুৰ্ঘটনাটো ৷ তীব্ৰ বেগী বাহনে মহতিয়াই নিয়ে তিনি স্কুটী আৰোহীক ৷ যাৰফলত থিতাতে নিহত হয় 2 গৰাকী লোক ৷ আনহাতে,চিকিৎসাৰ বাবে গুৱাহাটীলৈ গৈ থকা অৱস্থাত মৃত্যু হয় আন এগৰাকী লোকৰ ৷
তথ্য অনুসৰি, ASO1EH 4065 নম্বৰৰ এখন চাৰিচকীয়া বাহনে মহতিয়াই নিয়ে এখন স্কুটীক ৷ উক্ত দুৰ্ঘটনাৰ পিচতে থিতাতে নিহত হয় ননৈৰ কুমাৰ গাঁৱৰ পল্লৱ শইকীয়াৰ ৷ আনহাতে,উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ গৈ থকা অৱস্থাত মৃত্যু হয় পংখী শইকীয়াৰ ৷ ইফালে,উক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় নিহত ভাতৃ-ভগ্নীদ্বয়ৰ জেঠায়েকৰ জীয়েক প্ৰণামী বৰা ।
উল্লেখ্য যে,পল্লৱ শইকীয়া সদ্যঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈছিল । লগতে,ভনিয়েক পংখী শইকীয়া আছিল নৱম শ্ৰেণীৰ ছাত্রী । দুই সন্তানৰ মৃত্যুত ননৈ কুমাৰ গাৱঁৰ লগতে সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পৰিছে । লক ডাউনৰ সময়ছোৱা সদব্যৱহাৰ কৰিবলৈ নৃত্যৰ চুটিং কৰিবলৈ যোৱাৰ সময়ত উক্ত দুৰ্ঘটনাটো সংঘটিত হয় ৷
লগতে পঢ়ক : ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ ৰুগীয়া বৃদ্ধাক সহায়ৰ হাত আৰক্ষীৰ