ETV Bharat / state

Toll tax increase : টোল গেটৰ কৰ বৃদ্ধি; ৰহাত অসন্তুষ্টি

author img

By

Published : Apr 1, 2023, 8:36 PM IST

শনিবাৰৰ পৰা বৃদ্ধি হ’ল ৰহাৰ টোলকৰৰ মাচুলৰ পৰিমাণ(Toll tax increase) ৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে দল-সংগঠনৰ সদস্যৰ লগতে স্থানীয় ৰাইজ (Highway and expressway rates hiked)৷

Toll tax increase
পুনৰ জনতাৰ ওপৰত মাধমাৰ
পুনৰ জনতাৰ ওপৰত মাধমাৰ

ৰহা, ১ এপ্ৰিল : পুনৰ জনতাৰ ওপৰত মাধমাৰ ৷ আজি অৰ্থাৎ পহিলা এপ্ৰিলৰ পৰা বৃদ্ধি হ’ল ৰহা টোলগেটৰ মাচুল । ৫ টকাৰ পৰা ৫০ টকা পৰ্যন্ত বৃদ্ধি পাইছে টোলকৰ (Toll tax increase) ৷ এই মাচুল বৃদ্ধিৰ বিৰোধিতা কৰিছে গাড়ী চালক আৰু দল-সংগঠনৰ সদস্যসকলৰ লগতে স্থানীয় ৰাইজেও । কিন্তু এই ক্ষেত্ৰত নাই ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ চমুকৈ NHAI (National Highways Authority of India) এ কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে ।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে প্ৰকাশ কৰা এক তথ্যত আজি অৰ্থাৎ এক এপ্ৰিলৰ পৰা টোলগেটত মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ জানিব পৰা মতে, এক এপ্ৰিলৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষই টোলগেটৰ মাচুল বৃদ্ধি কৰি ইতিমধ্যে ৰহা টোলপ্লাজালৈ নিৰ্দেশনা জাৰি কৰিছে (Highway and expressway rates hiked) ।

এই অনুসৰি প্ৰতিটো ৰহা টোলপ্লাজাত বৰ্ধিত এই মাচুল সংগ্ৰহ কৰিবলৈ কোৱা হৈছে । ৰহা টোলগেটত নতুন মাচুলৰ নিৰ্দেশনা অনুসৰি পূৰ্বৰ কাৰ, জীপ আৰু লঘু বাহনে এবাৰত ১১০ টকা আৰু একেদিনাই উভটিলে অহা যোৱাৰ বাবদ ১৬৫ টকাৰ পৰিৱৰ্তে এতিয়া এবাৰত ১১৫ টকা আৰু উভটিলে ১৭০ টকা পৰিশোধ কৰিব লাগিব ৷

লগতে পঢ়ক : Highway construction in Assam: অসমত ৩ বছৰত মাত্ৰ ২৩ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ

লগতে লঘু বাণিজ্যিক বাহনত পূৰ্বৰ ১৭৫ টকা আৰু ২২৫ টকাৰ পৰিৱৰ্তে এতিয়া ১৮৫ টকা আৰু ২৮০ টকা, বাছ-ট্ৰাকৰ ক্ষেত্ৰত পূৰ্বৰ ৩৭০ টকা আৰু ৫৫৫ টকাৰ পৰিৱৰ্তে ৩৯০ টকা আৰু ৫৮৫ টকা, তিনি এক্সেলযুক্ত বাণিজ্যিক বাহনত ৪০৫ টকা আৰু ৬০৫ টকাৰ পৰিৱৰ্তে এতিয়া ৪২৫ টকা আৰু ৬৩৫ টকা দিব লাগিব টোলকৰ ৷

ইয়াৰ উপৰিও গধুৰ বাহনে পূৰ্বৰ এবাৰত ৫৮০ টকা আৰু একেদিনাই উভটিলে ৮৭০ টকাৰ সলনি নতুনকৈ ৬১০ টকা আৰু ৯১৫ টকা আদায়, অতিৰিক্ত তথা সাত এক্সেলযুক্ত বাহনে ৭০৫ আৰু ১০৬০ টকাৰ সলনি ৭৪০ টকা আৰু ১১১০ টকা টোলকৰ আদায় দিব লাগিব ।

ৰাজ্যখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি, পেট্ৰ’ল, ডিজেল, জীৱন দায়িনী ঔষধ, বিদ্যুৎ মাচুল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধি আদিত জুৰুলা জনসাধাৰণক পুনৰ টোলগেটত মাচুল বৃদ্ধি কৰি ৰামটাঙোন দিবলৈ ওলোৱাত এতিয়া গাড়ী চালকৰ লগতে ৰহাৰ আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল সংগঠনে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৷ লগতে চৰকাৰৰ এই সিদ্ধান্ত বাতিলৰ দাবী জনাইছে ৰাজ্যৰ কেবাটাও সংগঠনে ।

লগতে পঢ়ক : Toll tax likely to increase: 1 এপ্ৰিলৰ পৰা 5-10 শতাংশ টোল কৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.