কলিয়াবৰ, 27 জুন: ৰাজ্যৰ বিভিন্ন ঠাইৰ সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ সম্প্ৰতি বানে সংকট কঢ়িয়াই আনিছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ৷ ইতিমধ্যে বিধ্বংসী বানে প্লাৱিত কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ 50 শতাংশ অংশ ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ শতাধিক বনশিবিৰ এতিয়া বুৰাই পেলাইছে বানে ৷ যাৰ বাবে উদ্যান খনত থকা বিভিন্ন প্ৰজাতিৰ বনৰীয়া জীৱ-জন্তু সমূহৰ মাজত সৃষ্টি হৈছে হাহাকাৰ অৱস্থা ৷
এই জীৱ জন্তু সকলৰ সুৰক্ষাৰ বাবে শনিবাৰে সন্ধিয়া 6 বজাৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেৰে পাৰ হৈ যোৱা 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথত টাইম কাৰ্ডৰ ব্যৱস্থা কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ যান-বাহনৰ গতি নিয়ন্ত্ৰণৰ বাবেই ৰাষ্ট্ৰীয় উদ্যান খনৰ কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই ব্যৱস্থা ৷

উল্লেখ্য যে, টাইম কাৰ্ডৰ নিৰ্দেশনা অনুসৰি কলিয়াবৰৰ আমগুৰিৰ পৰা বোকাখাটৰ বৰজুৰিলৈ যান-বাহনে প্ৰতি ঘণ্টাত 40 কিল'মিটাৰ গতি বেগেৰে অতিক্ৰম কৰিব লাগিব পথ ৷ বানৰ সময়ত বন্যপ্ৰাণীৰ সুৰক্ষাৰ স্বাৰ্থতে এনেদৰে টাইম কাৰ্ড ব্যৱস্থাৰ জৰিয়তে গতি বেগ নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷ এই নিয়ম ভংগ কৰি দ্ৰুতবেগেৰে পথছোৱা অতিক্ৰম কৰিলে পথাচাৰীৰ বিৰুদ্ধে জৰিমনা বিহা হ'ব বুলি জনাইছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই ৷