ETV Bharat / state

লাওখোৱা বুঢ়াচাপৰিত বাঘৰ সফল প্ৰজনন - লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্য

লাওখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ঢেকীয়াপতিয়া বাঘৰ সংখ্যা । অভয়াৰণ্যখনত আছিল এটা মতা বাঘৰ লগতে এজনী বাঘিনী । 2013 চনত কাজিৰঙাৰ পৰা লাওখোৱালৈ আহিছিল এই বাঘিনীজনী ৷ শেহতীয়াকৈ বাঘিনীজনীয়ে একেলগে জন্ম দিয়ে দুটাকৈ পোৱালি । ইয়াৰোপৰি অভয়াৰণ্যখনত পূৰ্বৰে পৰা আৰু এটা বাঘৰ অৱস্থিতি পোৱা বুলি অৱগত কৰিছিল বনবিভাগে ৷ মুঠতে অভয়াৰণ্য খনত এই পৰ্যন্ত বাঘৰ সংখ্যা পাঁচটালৈ বৃদ্ধি ৷

Tiger
লাওখোৱা বুঢ়াচাপৰিত বাঘৰ সফল প্ৰজনন
author img

By

Published : Jul 27, 2020, 11:24 PM IST

নগাঁও, 27 জুলাই : বানৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে ৰাজ্যৰ বাবে এক সুখবৰ ৷ বিশেষকৈ বন্যপ্ৰেমী সকলৰ বাবে এই ভাল লগা এই খবৰ ৷ অসমত সচৰাচৰ মানাহ অভয়াৰণ্য আৰু কাজিৰঙাৰ বাহিৰে অন্য অৰণ্য সমূহত পোৱা নাযায় বাঘ ৷ কিন্তু মধ্য অসমৰ লাওখোৱা অভয়াৰণ্যৰ ৰেঞ্জাৰসকলে প্ৰথমবাৰৰ বাবে অভয়াৰণ্য খনত প্ৰত্যক্ষ কৰিলে বাঘৰ সফল প্ৰজনন ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্পৰ বিভাগীয় টুইটাৰযোগে এই বিষয়ে উল্লেখ কৰে যে, পোনপ্ৰথম বাৰৰ বাবে লাওখোৱা অভয়াৰণ্যত দেখিবলৈ পোৱা গৈছে বাঘৰ সফল প্ৰজনন ৷ সমগ্ৰ দৃশ্য বন্দী হ'ল কেমেৰাত ৷ বিভাগীয় কৰ্তৃপক্ষই চলোৱা এক কেমেৰা ট্ৰেপিঙত ধৰা পৰিল বাঘৰ দুটাকৈ পোৱালিৰ অৱস্থিতি ৷ বাঘৰ দুয়োটা পোৱালি প্ৰায় 1-2 বছৰ বয়সৰ হ'ব যদিও এতিয়ালৈ সিহঁতৰ লিংগ সম্পৰ্কে জানিব পৰা যোৱা নাই ৷

লগতে পঢ়কঃ কৰ’ণা মহামাৰী: পুনৰ ৩৭৬ গৰাকী কাৰাবন্দীক মুক্তি দিবলৈ সাজু চৰকাৰ

লাওখোৱা বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যত ক্ৰমাৎ বৃদ্ধি পাইছে ঢেকীয়াপতিয়া বাঘৰ সংখ্যা । অভয়াৰণ্যখনত আছিল এটা মতা বাঘৰ লগতে এজনী বাঘিনী । 2013 চনত কাজিৰঙাৰ পৰা লাওখোৱালৈ আহিছিল এই বাঘিনীজনী ৷ শেহতীয়াকৈ বাঘিনীজনীয়ে একেলগে জন্ম দিয়ে দুটাকৈ পোৱালি। ইয়াৰোপৰি অভয়াৰণ্যখনত পূৰ্বৰে পৰা আৰু এটা বাঘৰ অৱস্থিতি পোৱা বুলি অৱগত কৰিছিল বনবিভাগে ৷ মুঠতে অভয়াৰণ্য খনত এই পৰ্যন্ত বাঘৰ সংখ্যা পাঁচটালৈ বৃদ্ধি ৷

লাওখোৱা বুঢ়াচাপৰিত বাঘৰ সফল প্ৰজনন

অসমত সচৰাচৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু কাজিৰঙাৰ বাহিৰে অন্য অৰণ্য সমূহত বাঘ দেখা পোৱা নাযায়৷ ইয়াৰোপৰি প্ৰজননৰ ক্ষেত্ৰতো এই জীৱবিধৰ আচৰণ কিছু সুকীয়া ৷ কেৱল কাজিৰঙা, মানাহ আৰু ওৰাঙতে এই পৰ্যন্ত বাঘৰ প্ৰজননৰ তথ্য লাভ কৰা হৈছিল যদিও বাঘৰ এই সফল প্ৰজননে পৰৱৰ্তী সময়ত লাওখোৱা অভয়াৰণ্য বাঘৰ প্ৰজনন ক্ষেত্ৰ হোৱাৰ ইংগিত বহন কৰিছে ৷ লগতে বাঘৰ সফল প্ৰজননৰ ফলত অভয়াৰণ্যখনৰ পাৰিপাৰ্শ্বিক দিশটো উন্নত হোৱা বুলিও জানিব পৰা গৈছে ৷

লগতে চাওক-ভাৰতলৈ বুলি উৰা মাৰিলে পাঁচখনকৈ ৰাফেল, এক প্ৰতিবেদন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.