ETV Bharat / state

নগাঁৱৰ শেনচুৱাত চোৰৰ সন্ত্ৰাস,বাসগৃহত অগ্নিসংযোগ কৰাৰ সন্দেহ

author img

By

Published : Nov 3, 2020, 8:05 AM IST

শেনচুৱাৰ দুটাকৈ পৰিয়ালৰ বাসগৃহত চোৰ ৷ চোকা অস্ত্ৰলৈ মুখত কাপোৰ লগাই চোৰে প্ৰৱেশ কৰাৰ পিছতেই সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ চোৰে বাসগৃহটোত অগ্নিসংযোগ কৰাৰ সন্দেহ স্থানীয় লোকৰ ৷

Thief's terror at nagaon
নগাঁৱৰ শেনচুৱাত চোৰৰ সন্ত্ৰাস,বাসগৃহত অগ্নিসংযোগ কৰাৰ সন্দেহ

নগাঁও,3 নৱেম্বৰ: নগাঁৱৰ শেনচুৱাত চোৰে চলাইছে সন্ত্ৰাস। সোমবাৰে নিশা শেনচুৱাৰ দুটাকৈ পৰিয়ালৰ বাসগৃহত প্ৰৱেশ কৰে চোৰ । পৰিয়ালৰ লোকে চোৰটোক প্ৰত্যক্ষ কৰাৰ পিছতেই হঠাৎ এটা বাসগৃহত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা । চোকা অস্ত্ৰলৈ মুখত কাপোৰ লগাই এটা চোৰে প্ৰৱেশ কৰাৰ পিছতেই হাহাকাৰ লাগে পৰিয়ালটোত ।

তেনে সময়তে হঠাৎ দ্বীপেন বৰদলৈ নামৰ লোকজনৰ ঘৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত বহু সামগ্ৰী ভস্মীভূত হয়। ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ বাহনৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় । চোৰে বাসগৃহটোত অগ্নিসংযোগ কৰাৰ সন্দেহ কৰা হৈছে যদিও প্ৰকৃততে অগ্নিকাণ্ডৰ কাৰণ এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই |

লগতে চাওকঃ লখিমপুৰৰ বিধায়ক উৎপল দত্তক ঘূণাসুঁতিত পহুখেদা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.