ধিং,22 মাৰ্চঃ ধিঙৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত চুৰিকাণ্ড । চোৰে লুট কৰি নিলে সোণৰ আ-অলংকাৰৰ লগতে দান-পাত্ৰৰ ধন ।
ধাৰাবাহিক অপৰাধজনিত ঘটনাৰে শীৰ্ষত এতিয়া নগাঁও জিলা । চোৰ ডকাইতৰ সন্মুখত যেন হাৰ মানিবলৈ বাধ্য হৈছে নগাঁও আৰক্ষী । নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ এলেকাধীন অঞ্চলসমূহো পৰিণত হৈছে অপৰাধীৰ ৰম্যভুমিলৈ । নিশা হ'লেই জীৱন আৰু সম্পত্তিৰ চৰম নিৰাপত্তাহীনতাত ভুগিছে ধিং থানাৰ এলেকাধীন অঞ্চলসমূহৰ সৰ্বসাধাৰন । পুনৰ ধিং আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি চোৰে চলালে ধৰ্মীয় অনুষ্ঠানত চাফাই অভিযান । চোৰে লুট কৰি নিলে সোণৰ আ-অলংকাৰ আৰু দান-পাত্ৰৰ টকা । আ-অলংকাৰকে ধৰি তিনিটা দান-পাত্ৰ ভাঙি সমুদায় টকা লৈ যায় চোৰৰ দলটোৱে ।
ঘটনা সন্দৰ্ভত ধিং আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে । শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত সংঘটিত এই চুৰিকাণ্ডই সমগ্ৰ ধিঙতে চাঞ্চল্য সৃষ্টি কৰাৰ লগতে চোৰক অতিশীঘ্ৰে কৰায়ক্ত কৰিবলৈ আৰক্ষীক দাবী জনাইছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক- কৰ'ণাৰ আতংকৰ মাজতে কেৰালাৰ পৰা গুৱাহাটীলৈ আহিছে এখন বাছ