কলিয়াবৰ,4 এপ্ৰিল : চাৰিওফালে কৰ'ণাৰ ত্ৰাসত ত্ৰস্তমান জনসাধাৰণ ৷ লক্ ডাউনৰ বাবে ঘৰৰ পৰা কোনো ক'লৈকো ওলাব পৰা নাই ৷ বজাৰ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকান সমূহ নিৰ্দিষ্ট সময়ৰ বাবে খুলিবলৈ দিয়া হৈছে যদিও সামগ্ৰীৰ নাটনি বা মূল্য বৃদ্ধিৰ বাবে বহুতেই প্ৰয়োজনীয় খাদ্য সামগ্ৰীখিনি যোগাৰ কৰিব পৰা নাই ৷ এনে পৰিস্থিতিৰ মাজতেই কলিয়াবৰত সংঘটিত হ'ল এটা চুৰিকাণ্ড ৷ চোৰৰ কাণ্ডই গৰাকীক খং উঠোৱাৰ পৰিৱৰ্তে হাঁহিৰ খোৰাক হে যোগালে ৷
শুক্ৰবাৰে নিশা উলুৱনী গাঁৱৰ ৰবি বৰা আৰু ঘন বৰাৰ ঘৰত সংঘটিত হয় এই আজৱ চুৰিকাণ্ড । চোৰো চোৰ আচৰিত চোৰ ৷ ধন-সোণ একোতে হাত নিদিলে, চোৰে হাত দিলে কেৱল ভাতৰ চৰুত ৷ ৰবি বৰাৰ ঘৰৰ পৰা ভাত, ঘন বৰাৰ কেৰাহীৰ মাংসৰ আঞ্জা লৈ উদৰ পূৰাই খালে চোৰে ৷ খাই-বৈ কাঁহী-বাটিও ধুই থৈ গ'ল ৷ যোৱাৰ সময়ত জুহালত গৰমাই থোৱা গৰম পানীৰে গলাধঃকৰণ কৰি আলু, পিয়াজ, বিলাহী, জলকীয়া কেইটামান ললৈ গ'ল চোৰে ৷ লক্ ডাউন আৰু কৰ'ণা সন্ত্ৰাসৰ বাবে বহুদিন মাংসৰ পৰা দূৰত থাকিব লগীয়া হোৱা বাবেই হয়তো চোৰে চুৰ কৰি মাংস ভাতৰ সোৱাদ ল'লে ৷ এই ঘটনাই উলুৱনী অঞ্চলটোত আতংকৰ মাজতো দিলে কিঞ্চিৎ হাঁহিৰ খোৰাক ৷
লগতে পঢ়ক : মহাৰাষ্ট্ৰত ভিডিঅ' কল যোগে বিবাহ সম্পন্ন