ৰহা,25 আগষ্টঃ ৰহাৰ গছপৰা গাৰোগাৱঁত গীৰ্জা ঘৰত সংঘটিত হ’ল এক চাঞ্চল্যকৰ চুৰিকাণ্ড। চোৰে চুৰি কৰি লৈ গ’ল মূল্যবান সামগ্ৰীকে ধৰি নগদ ধন ৷
শনিবাৰে নিশা দুৰ্বৃত্তই গছপৰা গাৰোগাৱঁত থকা গীৰ্জাঘৰটোৰ দুৱাৰৰ তলা ভাঙি ভিতৰত প্ৰবেশ কৰি ইনভাৰ্টাৰ, দানপাত্ৰত থকা ছয় হাজাৰ টকা, গীৰ্জাৰ ঘণ্টাকে ধৰি অন্যান্য মূল্যবান সা-সামগ্ৰী চুৰি কৰি লৈ যায়৷ ৰাতিপুৱাই এই চুৰিকাণ্ড পোহৰলৈ অহাত স্থানীয় খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে আমচৈ আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে ইতিমধ্যে অনুসন্ধান আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত কোনো দুৰ্বৃত্তক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই । এই চুৰি কাণ্ডই অঞ্চলজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ৷