ৰহা , 11 মে': নগাঁও জিলাৰ ৰহাৰ অন্তৰ্গত চাপৰমুখ মাৰোৱাৰী পট্টিত শুকুবাৰে নিশা চুৰিকাণ্ড সংঘটিত হয় ৷ ঘন জনবসতিপূৰ্ণ মাৰোৱাৰী পট্টিত থকা হনুমান মন্দিৰত সংঘটিত হয় চুৰিকাণ্ড ৷
নিশা চোৰে মন্দিৰৰ দুটাকৈ তলা ভাঙি মন্দিৰত প্ৰৱেশ কৰে আৰু মন্দিৰত থকা তিনি কেজি ৰূপৰ সামগ্ৰী, পিতলৰ ঘণ্টা, টিলিঙা আৰু এটা মূৰ্তি লৈ উধাও হয় ৷ পুৱা চুৰিকাণ্ডৰ কথা পোহৰলৈ অহাত মন্দিৰ কতৃপক্ষই এই সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে স্নিফাৰ ডগ লৈ চোৰৰ বিৰুদ্ধে অভিযান চলাই যদিও এই পৰ্যন্ত চোৰক কৰায়ত্ত কৰিবলৈ আৰক্ষী সফল হোৱা নাই ৷