ETV Bharat / state

SI Junmoni Rabha: জোনমণি ৰাভাৰ মৃত্যুৱে কিয় সন্দেহ সৃষ্টি কৰিছে অসম আৰক্ষীৰ প্ৰতি ?

কেনেকৈ মৃত্যু হ’ল জোনমণি ৰাভাৰ ? পথ দুৰ্ঘটনা, আত্মহত্যা নে হত্যা ? মৃত্যুৰ আঁৰত আছে নেকি ডাঙৰ ৰহস্য ? কাৰোবাক বচাবলৈ বলিৰ পঠা সজালে নেকি জোনমণিক (Mysterious death of SI Junmoni Rabha) ? এটা ফোন ৰেকৰ্ডিঙে সৃষ্টি কৰিছে চাঞ্চল্যৰ...

Mysterious death of SI Junmoni Rabha
SI Junmoni Rabha death news
author img

By

Published : May 18, 2023, 10:24 PM IST

কেনেকৈ মৃত্যু হ’ল জোনমণি ৰাভাৰ

নিউজ ডেস্ক, 18 মে’: অসম আৰক্ষী, জনহিত জনসেৱাৰ্থে ৷ যেতিয়াই আমি কোনো বিপদ নাইবা সমস্যাত পৰো, আশাৰে চাওঁ আৰক্ষীৰ মুখলৈ ৷ আইনৰ অন্যতম এখন হাত স্বৰূপ আৰক্ষীয়ে আমাক ৰক্ষা কৰিব ৷ কিন্তু যেতিয়া সেই বিশ্বাসত যদি ঘূণে ধৰে, তেতিয়া বাৰু ন্যায়ৰ বাবে কাৰ মুখলৈ চাব ? জোনমণি ৰাভাৰ দুৰ্ঘটনাৰ পাচত এতিয়া জনতাৰ মনত এনে বহু প্ৰশ্নই পাক ঘূৰণি খাই আছে (Mysterious death of SI Junmoni Rabha) ৷

এতিয়ালৈকে জোনমণিৰ মৃত্যুৰ ঘটনাটো এটা পথ দুৰ্ঘটনা হিচাবেই পৰিগণিত হৈ আছে ৷ চি আই ডিয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷ ইজনৰ পিচত সিজন আৰক্ষী বিষয়া তথা কনিষ্টবলৰ ভাষ্য গ্ৰহণ চি আই ডিৰ ৷ তাৰ মাজতেই এটা কল ৰেকৰ্ডিং আৰু কেতবোৰ অভিযোগে সমগ্ৰ ঘটনাটোক ক্ৰমাৎ ৰহস্যঘন কৰি তুলিছে (SI Junmoni Rabha death news) ৷

প্ৰকৃততে কি ঘটিছিল জোনমণিৰ লগত ?

কল ৰেকৰ্ডিঙত বিশেষ ব্যক্তিজনে কোৱাৰ দৰেই পূৰ্বেই হত্যা কৰি সমগ্ৰ ঘটনাক দিয়া হৈছিল নেকি আত্মহত্যাৰ ৰূপ ৷ নকল সোণ, নকল টকাৰ পৰা আৰম্ভ কৰি লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগ আৰু নগাঁৱৰ বিভিন্ন থানাৰ 148 গৰাকী আৰক্ষীক হঠাৎ বদলিৰ বিষয়টোলৈকে সমগ্ৰ ঘটনাটোত মেৰপাকৰ সৃষ্টি হৈছে (Junmoni Rabha death controversy) ৷

কিবা ডাঙৰ তথ্য জানিছিল নেকি জোনমণিয়ে ?

জোনমণিৰ ওচৰত আছিল নেকি কোনো চাঞ্চল্যকৰ তথ্য ! যাৰ বাবে হেৰুৱাব লগীয়া হ’ল নিজৰ জীৱন ৷ যদি ট্ৰাকখনৰ গাত কোনো দোষ নাছিল, তেন্তে কিয় পলাতক হৈ আছে চালকজন ? কিয় বাৰে বাৰে উত্থাপিত হৈছে হয়বৰগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ নাম ? এই ঘটনাক্ৰমক পৰ্দাৰ আঁৰৰ পৰা নিয়ন্ত্ৰণ কৰিছে নেকি কোনো অতি শক্তিশালী হাতে ? এনেকুৱা বহু প্ৰশ্নই জুমুৰি দি ধৰিছে সাধাৰণ ৰাইজৰ মনতো (Junmoni Rabha accidental death) ৷

নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ৰ আঁৰত কোনো ক্ষমতাশালী লোকৰ হাত থকাৰো সন্দেহ ঘনীভূত কৰিছে এই ঘটনাটোৱে ৷ তাৰোপৰি লেডী সিংঘম বুলি অৰ্জন কৰা জনপ্ৰিয়তাও জোনমণিৰ মৃত্যুৰ কাৰক হোৱাৰ সন্দেহৰ থল আছে ৷ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে, প্ৰয়োজনত এই ঘটনাৰ তদন্তৰ দায়িত্ব চি বি আইক দিয়া হ’ব (SI Junmoni Rabha news) ৷

লগতে পঢ়ক: Death mystery of Junmoni Rabha: সৰবৰাহকাৰী চক্ৰৰ টাৰ্গেট হ'ল নেকি এছ আই জোনমণি ৰাভা ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.