ETV Bharat / state

নগাঁৱত সৰ্বাত্মক প্ৰভাৱ শ্ৰমিক কৃষকৰ ধৰ্মঘট কাৰ্যসূচীৰ

দেশৰ শ্ৰমিক কৰ্মচাৰী সংগঠনসমূহে 26 নৱেম্বৰত আহ্বান জনোৱা ধৰ্মঘট কাৰ্যসূচী নগাঁও জিলাটো সৰ্বাত্মক ৰূপত প্ৰভাৱ পৰে । শ্ৰমিক সংগঠনৰ 60 জনক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷

The maximum impact in the nagaon labour-farmer strike programme
নগাঁৱত সৰ্বাত্মক প্ৰভাৱ শ্ৰমিক কৃষকৰ ধৰ্মঘট কাৰ্যসূচীৰ
author img

By

Published : Nov 26, 2020, 8:52 PM IST

চামগুৰি, 26 নৱেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ শ্ৰমিক-কৃষক বিৰোধী, জনবিৰোধী নীতিৰ বিৰুদ্ধে দেশৰ শ্ৰমিক কৰ্মচাৰী সংগঠনসমূহে 26 নৱেম্বৰত আহ্বান জনোৱা ধৰ্মঘট কাৰ্যসূচী নগাঁও জিলাটো সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় । এই কাৰ্যসূচী সমৰ্থনত নগাঁৱৰ যাত্ৰীবাহী আৰু সামগ্ৰী কঢ়িওৱা যান-বাহনৰ চলাচল বৃহস্পতিবাৰে সম্পূৰ্ণৰূপে বন্ধ থাকে ।

উল্লেখ্য যে, শ্ৰমিক সংগঠন চিআইটিইউ, নিখিল ভাৰত কৃষক সভা, এআইটিইউচি আদি সংগঠনৰ সদস্যসকলে নগাঁও চহৰৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান বন্ধ ৰাখিবৰ বাবে অনুৰোধ জনাই সমদল কৰে । পিচত নগাঁও চহৰৰ ঢাকাইপট্টি অঞ্চলত সংগঠন কেইটাৰ সদস্যসকলে বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে বিভিন্ন দাবী সম্বলিত শ্ল'গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে ।

ইফালে, আৰক্ষীয়ে সংগঠন কেইটাৰ নেতৃবৃন্দ ক্ৰমে অমৰেন্দ্ৰ শৰ্মা, গুবীন নাথ, মধু মণ্ডল, ৰাতুল বৰা, মৃনালিনী দেৱী, ৰাজেন শৰ্মা, জোনমনি দাসকে ধৰি ৬০ জন শ্ৰমিক-কৰ্মচাৰীক আটক কৰে ।

লগতে পঢ়কঃমৰিগাঁৱত পূৰ্ণগতিত চলিছে ৰাস উদযাপনৰ প্ৰস্তুতি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.