ETV Bharat / state

অম্বুবাচী মেলা: নিবৃত্তি অনুসৰি খোল খাব শিলঘাটস্থিত শক্তিপীঠৰ দুৱাৰ - religious tourist spot

শুকুৰবাৰে নিশা ২ বাজি ৩০ মিনিটত অম্বুবাচীৰ নিবৃত্তি ৷ অসমৰ দ্বিতীয় শক্তিপীঠ কলিয়াবৰৰ শিলঘাট কামাখ্যা দেৱালয়তো প্ৰবৃত্তি অনুসৰি বন্ধ হৈ আছে মন্দিৰৰ মূল দুৱাৰ ৷ অম্বুবাচীৰ নিবৃত্তি অনুসৰি নীলাচলৰ বুকুত থকা কামাখ্যা মন্দিৰৰ লগতে কলিয়াবৰৰ শিলঘাটত থকা দ্বিতীয় শক্তিপীঠ শ্ৰীশ্ৰী কামাখ্যা দেৱালয়ৰো বন্ধ হৈ থকা মন্দিৰৰ মূল দুৱাৰ খোল খাব ৷

the-door-of-shaktipeeth-at-shilghat-will-be-opened-as-per-the-instincts
অম্বুবাচী মেলা: নিবৃত্তি অনুসৰি খোল খাব শিলঘাটস্থিত শক্তিপীঠৰ দুৱাৰ
author img

By

Published : Jun 25, 2021, 1:12 PM IST

কলিয়াবৰ, 25 জুন : শুকুৰবাৰে নিশা ২ বাজি ৩০ মিনিটত অম্বুবাচীৰ নিবৃত্তি অনুসৰি নীলাচলৰ বুকুত থকা কামাখ্যা মন্দিৰৰ লগতে কলিয়াবৰৰ শিলঘাটত থকা দ্বিতীয় শক্তিপীঠ শ্ৰীশ্ৰী কামাখ্যা দেৱালয়ৰো বন্ধ হৈ থকা মন্দিৰৰ মূল দুৱাৰ খোল খাব । ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে নীলাচলৰ বুকুত থকা কামাখ্যা মন্দিৰত বিগত বৰ্ষৰ লগতে এইবৰ্ষতো অনুষ্ঠিত নহ’ল অম্বুবাচী মেলা । কলিয়াবৰৰ শিলঘাটৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয়ত সাতৰ এই সময়ছোৱাত মন্দিৰ স্থাপনৰ পৰা এই পৰ্যন্ত অনুষ্ঠিত হোৱা নাই অম্বুবাচী মেলা । কেৱল পালন কৰা হয় প্ৰবৃত্তি আৰু নিবৃত্তি ।

অম্বুবাচী মেলা: নিবৃত্তি অনুসৰি খোল খাব শিলঘাটস্থিত শক্তিপীঠৰ দুৱাৰ

নীলাচলৰ বুকুত থকা কামাখ্যা দেৱালয়লৈ দৈনিক যিদৰে বহু ভক্তৰ সমাগম হয় তাৰ তুলনাত শিলঘাট কামাখ্যাত ভক্তৰ উপস্থিতি তেনেই সেৰেঙা দেখিবলৈ পোৱা যায় । দেৱী কামাখ্যাৰ বিগ্ৰহ থকা এই ঐতিহাসিক মন্দিৰৰ বিষয়ে প্ৰচাৰ সীমিত হোৱাৰ বাবেই এতিয়াও কম সংখ্যক লোকেহে জানে শিলঘাটত থকা অসমৰ দ্বিতীয় শক্তিপীঠ কামাখ্যা দেৱালয়ৰ কথা । কথিত আছে যে, অষ্টম শতিকাতে শালস্তম্ভ বংশীয় ৰজা বনমালদেৱে শিলঘাটৰ কামকূট এতিয়াৰ কামাখ্য পাহাৰত স্থাপন কৰিছিল কামাখ্যা মন্দিৰ ।

প্ৰাকৃতিক কাৰণত ধ্বংস হোৱা কামাখ্যা পীঠ পিছত আহোম ৰাজত্ব কালত ১৭৪৫ খ্ৰীষ্টাব্দত স্বৰ্গদেউ প্ৰমত্ত সিংহই শিলঘাটতে পুনৰ নিৰ্মাণ কৰে কামাখ্যা দেৱালয় । তাৎপৰ্যপূৰ্ণ যে, অসমৰ দ্বিতীয় শক্তিপীঠ শিলঘাটৰ কামাখ্যা দেৱালয়ৰ প্ৰচাৰ-প্ৰসাৰত যদি গুৰুত্ব দিয়া হয়, নিশ্চয়কৈ অদূৰ ভৱিষ্যতে এই মন্দিৰভাগক এক ধৰ্মীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় দিব পৰা যাব।

লগতে পঢ়ক : ২৬ জুনত প্ৰকাশ পাব ক’ভিডৰ নতুন নীতি-নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.