চামগুৰি,25 মে’: নগাঁৱৰ পুৰণিগুদামৰ কাষৰ গাঁৱত অৱস্থিত পিআৰএল নামৰ পথ নিৰ্মাণ কৰা কোম্পানীটোৱে যোৱা এটা বছৰ ধৰি উৰিয়াগাঁৱৰ পৰা টেলিয়াগাঁৱলৈকে চাৰিলেনযুক্ত পথ নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ আছে । কিন্তু বিগত কিছুদিন ধৰি সেই কোম্পানীটোৰ পৰা অহৰহ ক'লা ধোঁৱা ওলাই থকা বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে ৷ এই ধোঁৱাৰ ফলত ওচৰৰ বহু কেইখন গাঁও আতংকিত হোৱাৰ লগতে বৃদ্ধ, শিশু আৰু ৰোগীৰ বাবে ভাবুকি হৈ পৰিছে ।
উল্লেখ্য যে, কোম্পানীটোৰ প্ৰজেক্ট মেনেজাৰে, বৰ্তমান পথ নিৰ্মাণত ব্যৱহাৰ হ’ব লগা শিলবোৰ বৰষুণৰ বাবে তিতি থাকে ৷ সেয়েহে ইয়াক মেচিনত প্ৰস্তুত কৰোতে এই অত্যাধিক ক'লা ধোঁৱা ওলায় বুলি জানিব পৰা গৈছে ৷ আনহাতে, কোম্পানীটোৰ মূখ্য প্ৰকল্পটো বিকল অৱস্থাত থকাৰ বাবে অন্য এটা প্ৰকল্পৰে কাম চলাব লগা হোৱাৰ বাবেও ক'লা ধোঁৱা ওলোৱা বুলি স্বীকাৰ কৰে প্ৰজেক্ট মেনেজাৰ গৰাকীয়ে । ইয়াৰ লগতে উক্ত কোম্পানীটোৱে পথৰ কাষত নিৰ্মাণ কৰা নলাবোৰৰ বাবেও বৰ্তমান জীয়াতু ভূগিবলগা হৈছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক : বগাহাতীত পৰিণত কলগাছিয়াৰ এটা উপ স্বাস্থ্যকেন্দ্ৰ