ETV Bharat / state

World Coconut Day: বিশ্ব নাৰিকল দিৱসত চৰ্চাত ঠেকেৰাগুৰিৰ নাৰিকলৰ বজাৰ - বিশ্ব নাৰিকল দিৱসত চৰ্চাত ঠেকেৰাগুৰিৰ নাৰিকলৰ বজাৰ

আজি বিশ্ব নাৰিকল দিৱস । নাৰিকল দিৱসতে মধ্য অসমৰ এখন বৃহৎ ডাব নাৰিকলৰ বজাৰক লৈ ই টি ভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন । যিখন ডাব নাৰিকলৰ বজাৰৰ জৰিয়তে স্বাৱলম্বী হৈছে নগাঁও মৰিগাঁও জিলাৰ বহুকেইটা পৰিয়াল । গুৱাহাটী উজনিমুৱা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ডাব নাৰিকলৰ বজাৰ এতিয়া আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে বিভিন্নজনৰ ।

The coconut market at Thekeraguri in Nagaon
বিশ্ব নাৰিকল দিৱসত চৰ্চাত ঠেকেৰাগুৰিৰ নাৰিকলৰ বজাৰ
author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 7:52 PM IST

বিশ্ব নাৰিকল দিৱসত চৰ্চাত ঠেকেৰাগুৰিৰ নাৰিকলৰ বজাৰ

নগাঁও,২ ছেপ্টেম্বৰ: আজি বিশ্ব নাৰিকল দিৱস । উৎকট গৰমত বজাৰত উভৈনদী হৈ পৰা বিভিন্ন কোম্পানীৰ শীতল পনীয়াতকৈ উৎকৃষ্ট বুলি বিবেচিত হৈ আহিছে ডাব নাৰিকলৰ পানী । উৎকট গৰমৰ পৰা যেন কিছু হলেও পৰিত্ৰাণ দিবলৈ নগাঁও মৰিগাঁও জিলাৰ সীমান্তত প্ৰায় ৩৫ বছৰ পূৰ্বেই গঢ়ি উঠিছিল ডাব নাৰিকলৰ এখন বজাৰ ।

সম্প্ৰতি মধ্য অসমৰ ভিতৰতেই এখন বৃহৎ ডাব নাৰিকলৰ বজাৰ হিচাপে চিহ্নিত হৈছে নগাঁও মৰিগাঁও জিলাৰ সীমান্তৰ ঠেকেৰাগুৰিৰ ডাব নাৰিকলৰ বজাৰখন । বজাৰ নিয়ন্ত্ৰণত জড়িত হৈ আহিছে পুৰুষৰ লগতে বহু মহিলাও । সম্প্ৰতি বহুতৰে দৃষ্টি আকৰ্ষণ কৰা ঠেকেৰাগুৰিৰ এই বজাৰখনত বিভিন্নজনে এপলক হ'লেও বাহন ৰখাই ডাবৰ পানী পান কৰি কিছু হ'লেও নিজকে শীতল কৰাৰ চেষ্টা কৰে ।

বজাৰত ৰং বিৰঙৰ শীতল পানীয় উভৈনদী হৈ পৰিছে যদিও কিন্তু বিভিন্ন শীতল পানীয়ৰ বিপৰীতে ৰাইজক সম্পূৰ্ণ প্ৰাকৃতিকভাৱে প্ৰস্তুত শীতল পানীয় যোগান ধৰি আহিছে গুৱাহাটী উজনিমুৱা ৰাষ্ট্ৰীয় ঘাইপথৰ এই বজাৰখনে । সম্প্ৰতি আঁহতগুৰি পৰ্যন্ত সম্প্ৰসাৰিত এই ডাবৰ বজাৰখন মাত্ৰ কেইজনমান লোকে প্ৰায় ৩৫ বছৰ পূৰ্বে কৰিছিল আৰম্ভণি ৷ ব্যৱসায়টোৰ সৈতে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত হৈ আছে কেবাশতাধিক লোক ।

জিলা দুইখনৰ বিভিন্ন গ্ৰামঞ্চলৰ পৰা ক্ৰয় কৰি পথৰ দাঁতিত এনেদৰে ডাব বিক্ৰী কৰি পৰিয়াল পোহপাল দি আছে বহুতে । কিন্তু এইসকল লোকে বহু সময়ত ভোগে নিৰপত্তাহীনতাত । কিয়নো চাৰিলেনযুক্ত পথৰ দাঁতিত বাহনৰ দ্ৰুত বেগত আতংকৰ মাজতে এওঁলোকে বিক্ৰী কৰি আহিছে ডাব । শীতল পানীয়ৰ বিভিন্ন কোম্পানীক প্ৰত্যাহ্বান জনাই ৰাজ্যৰ ভিতৰতে বিখ্যাত এই ঠেকেৰাগুৰি অঞ্চলত ডাব বিক্ৰী কৰা ব্যৱসায়ীসকলে অঞ্চলটোত বজাৰ গৃহ নিৰ্মাণৰ দাবীও দীৰ্ঘদিনৰ পৰা উত্থাপন কৰি আহিছে যদিও সেয়া আজি পৰ্য্যন্ত সম্ভৱ হৈ উঠা নাই ।

স্বাস্থ্যৰ বাবেও উপকাৰী ডাবৰ পানীৰ চাহিদাও শেহতীয়াকৈ বৃদ্ধি পোৱাত বিভিন্ন অঞ্চলত গঢ়ি উঠিছে ডাবৰ দোকান । নগাঁও চহৰৰো বিভিন্ন এলেকাত ডাব নাৰিকলৰ দোকান আৰম্ভ কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে গ্ৰাহকক যোগান ধৰি আহিছে ডাবৰ পানী ।

লগতে পঢ়ক: Society avoids mortal rituals:শৰণ নোলোৱাৰ বাবেই তিলনীলৈ নাহিল ৰাইজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.