ETV Bharat / state

চিৰা-পিঠা-লাৰুৰে উপচি পৰিছে কলিয়াবৰৰ ভোগালী মেলা - পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ

কলিয়াবৰ হাটবৰ হাজাৰ মন্দিৰ প্ৰাংগনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আয়োজন কৰা হয় এখন ভোগালী মেলা ৷ এই ভোগালী মেলা উদ্বোধন কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে ৷

আত্মসহায়ক গোটৰ সহযোগত কলিয়াবৰত ভোগালী মেলা

author img

By

Published : Jan 12, 2021, 5:05 PM IST

কলিয়াবৰ,12 জানুৱাৰী : অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে কলিয়াবৰৰ কেইবাটাও আত্মসহায়ক গোটৰ সহযোগত আয়োজন কৰিছে এখন ভোগালী মেলা ৷ কলিয়াবৰ হাটবৰ হাজাৰ মন্দিৰ প্ৰাঙ্গনত আয়োজন কৰা হয় ভোগালী মেলাখন ৷ মহিলা সৱলীকৰণ তথা মহিলাসকলক স্বাৱলম্বী কৰা আৰু মহিলাক এখন বজাৰ দিয়াৰ উদ্দেশ্যেই এই ভোগালী মেলাখন আয়োজন কৰিছে উদ্যোক্তা সকলে ৷

আত্মসহায়ক গোটৰ সহযোগত কলিয়াবৰত ভোগালী মেলা
আত্মসহায়ক গোটৰ সহযোগত কলিয়াবৰত ভোগালী মেলা
উল্লেখ্য যে, কলিয়াবৰত প্ৰথম বাৰ বাবে আয়োজন কৰা এই ভোগালী মেলা উদ্বোধন কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে। মহিলা সকলৰ স্বাৱলম্বীতা আৰু তেওঁলোকৰ হাতৰ পৰশত প্ৰাণ পাই উঠা বিভিন্ন ধৰণৰ পিঠা-পনা, জলপান, চুঙা পিঠা আৰু আধুনিক ধৰণৰ কাপোৰ চাদৰ-মেখেলাকে আদি কৰি বহুতো লাগতীয়াল সা-সামগ্ৰী কলিয়াবৰত আযোজন কৰা ভোগালী মেলাত দেখা পোৱা গৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.