ETV Bharat / state

ৰূপহীহাটৰ ভেকচিন কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি - Tinsukia LP School

তিনিচুকীয়া প্ৰাথমিক বিদ্যালয়ৰ ভেকচিন কেন্দ্ৰত দুই ফৈদৰ মাজত সৃষ্টি হোৱা মাৰপিটক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে ৷ পুৱাৰে পৰা শতাধিক লোকে ক'ভিড ভেকচিনৰ বাবে শাৰী পাতিছিল ৷ সেই শাৰীতে একাংশ লোকে তীব্ৰ হেঁচা-ঠেলাৰ কৰি এক বিশৃংখল পৰিস্থিতি সৃষ্টি কৰিছিল ৷

tense situation in rupohihat vaccine center e
ৰূপহীহাটৰ ভেকচিন চেন্টাৰ উত্তপ্ত পৰিস্থিতি
author img

By

Published : Jul 24, 2021, 3:53 PM IST

ৰূপহীহাট, 24 জুলাই : ৰূপহীহাটৰ জুৰীয়া আৰক্ষী থানাৰ (Juria Police Station) অন্তৰ্গত তিনিচুকীয়া প্ৰাথমিক বিদ্যালয়ৰ (Tinsukia LP School) ভেকচিন কেন্দ্ৰত দুই ফৈদৰ মাজত সৃষ্টি হোৱা মাৰপিটক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ৷ জানিব পৰা মতে শনিবাৰৰ পুৱাৰে পৰা তিনিচুকীয়া প্ৰাথমিক বিদ্যালয়ত (Tinsukia LP School) ভেকচিন প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছিল স্বাস্থ্য বিভাগে ৷

সেই অনুপাতে ৰূপহীহাট অঞ্চলৰ শতাধিক লোকে ক'ভিড ভেকচিন লোৱাৰ উদ্দেশ্যে বিদ্যালয়খনত সমবেত হৈছিল ৷ স্থানীয় লোকে সদৰি কৰা মতে, পুৱাৰে পৰা শতাধিক লোকে ক'ভিড ভেকচিনৰ বাবে শাৰী পাতিছিল ৷ সেই শাৰীতে একাংশ লোকে তীব্ৰ হেঁচা-ঠেলাৰ কৰি এক বিশৃংখল পৰিস্থিতি সৃষ্টি কৰিছিল ৷

ৰূপহীহাটৰ ভেকচিন চেন্টাৰ উত্তপ্ত পৰিস্থিতি

পাচত এই বিশৃংখল পৰিস্থিতিক লৈয়ে দুই ফৈদৰ মাজত তৰ্কাতৰ্কিৰ সৃষ্টি হয় ৷ ইয়াৰ পৰৱৰ্তী সময়ত দুই ফৈদৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় ৷ এটা ফৈদে আন এটা ফৈদৰ ওপৰত শাৰীৰিক আক্ৰমণ চলাবলৈ আৰম্ভ কৰে ৷ আক্ৰমণত এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷

গুৰুতৰভাৱে আহত লোকজনক তাৎক্ষণিকভাৱে চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ আহত লোকজনৰ নাম নবী হুছেইন (৪2) বুলি জানিব পৰা গৈছে ৷ স্থানীয় লোকে ঘটনাৰ সন্দৰ্ভত জুৰীয়া আৰক্ষীক (Juria Police) খবৰ দিয়াৰ পাচতে আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷

উল্লেখ্য যে, শুকুৰবাৰে নালবাৰীতো অনুৰূপ পৰিস্থিতি সৃষ্টি হয় ৷ ভেকচিন প্ৰদানত অনিয়ম সংঘটিত হোৱাৰ অভিযোগত শুকুৰবাৰে নলবাৰীৰ মাজমজিয়াস্থিত ছোৱালী হাইস্কুল ভেকচিন চেণ্টাৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ একাংশই অভিযোগ কৰা মতে ভেকচিনৰ বাবে শাৰী পাতিছিল শতাধিক লোকে ৷ তাৰ কিছুসময় পিছতে স্বাস্থ্যকৰ্মীসকলে ভেকচিন শেষ বুলি ঘোষণা কৰাত কেন্দ্ৰটোত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷

লগতে পঢ়ক:এজন যুৱকৰ মৃত্যুৰ কাৰণ হৈ পৰিল এটা ময়ূৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.