ETV Bharat / state

বটদ্ৰৱা আৰক্ষীৰ জালত কদমনিৰ কুখ্যাত তীৰ ব্যৱসায়ী হাফিজ উদ্দিন

তীৰৰ এক বিশাল সাম্ৰাজ্যৰ মাষ্টাৰ মাইণ্ড হাফিজ উদ্দিনক আটক কৰে নগাঁও আৰক্ষীয়ে ৷ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিনে তীৰ খেলৰ বেহা চলাই আহিছিল কুখ্যাত তীৰ মাফিয়া হাফিজ উদ্দিনে ৷

author img

By

Published : Sep 28, 2021, 8:44 PM IST

teer mafia Hafiz Uddin
বটদ্ৰৱা আৰক্ষীৰ জালত কদমনিৰ কুখ্যাত তীৰ ব্যৱসায়ী হাফিজ উদ্দিন

চামগুৰি, 28 ছেপ্টেম্বৰ : নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলত গঢ়ি উঠা তীৰৰ এক বিশাল সাম্ৰাজ্যৰ মাষ্টাৰ মাইণ্ড হাফিজ উদ্দিনক আটক কৰে নগাঁও আৰক্ষীয়ে ৷ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন প্ৰান্তত আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিনে তীৰ খেলৰ বেহা চলাই আহিছিল কুখ্যাত তীৰ মাফিয়া হাফিজ উদ্দিনে ৷

আৰক্ষীৰ এক সূত্ৰই সদৰী কৰা মতে, সোমবাৰে নিশা এক গোপন সূত্ৰ পম খেদি মাফিয়া হাফিজ উদ্দিনক আটক কৰে বটদ্ৰৱা আৰক্ষীয়ে ৷ ধৃত হাফিজ উদ্দিনে গ্ৰাম্যাঞ্চল সমূহত এজেণ্ট নিয়োগ কৰি তীৰৰ এই বেহা চলাই আহিছিল । যাৰ ফলত এই তীৰ-জুৱা খেলৰ প্ৰতি আকৰ্ষিত হৈ বিগত দিনত বৃহত্তৰ অঞ্চলটোৰ হাজাৰ হাজাৰ পৰিয়াল সৰ্বস্বান্ত হৈ পৰিছিল ।

লগতে পঢ়ক: ধেমাজিত কেবিনেট বৈঠকক লৈ তুংগত উঠিছে আৰক্ষী-প্ৰশাসনৰ প্ৰস্তুতি

এসময়ত ৰাজনৈতিক নেতাৰ আৰ্শীবাদ লাভ কৰা হাফিজ উদ্দিনৰ কথা মতেই একাংশ আৰক্ষীয়েও উঠা-বহা কৰাৰ অভিযোগ উত্থাপন হৈছিল । ৰাজনৈতিক নেতাৰ আৰ্শীবাদত বটদ্ৰৱা, কদমণি আদি অঞ্চলত উঠি ৰজা বহি ৰজা হৈ পৰিছিল হাফিজ উদ্দিন । কিন্তু শেহতীয়াকৈ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ড্ৰাগছ, মদ ভাং, জুৱাকে ধৰি বিভিন্ন অপৰাধৰ বিৰুদ্ধে আৰম্ভ কৰা অভিযানৰ পৰা ৰেহাই নাপালে তীৰ মাফিয়া হাফিজ উদ্দিনে ৷

ইফালে, কেৱল কুখ্যাত তীৰ মাফিয়া হাফিজ উদ্দিনকে কেৱল আটক কৰা নাই, হাফিজ উদ্দিনৰ সহযোগী নাচিৰ উদ্দিনক আটক কৰে বটদ্ৰৱা আৰক্ষীয়ে ৷ পাচত বটদ্ৰৱা আৰক্ষীয়ে তীৰ মাফিয়া হাফিজ উদ্দিনৰ লগতে আন জন তীৰ মাফিয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, নগাঁও আৰক্ষীয়ে ড্ৰাগছৰ সমান্তৰালকৈ তীৰ খেলৰ বিৰুদ্ধেও অব্যাহত ৰাখিছে অভিযান ।

লগতে পঢ়ক: 30 অক্টোবৰত ৰাজ্যৰ 5 টা সমষ্টিত উপ-নিৰ্বাচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.