ETV Bharat / state

অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ বনকৰা কিশোৰীৰ মৃতদেহ - ৰহা মৃতদেহ

ৰহাত বৃহস্পতিবাৰে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ এগৰাকী বনকৰা কিশোৰীৰ মৃতদেহ ৷ ৰহস্যজনকভাৱে উদ্ধাৰ হয় কিশোৰী গৰাকীৰ মৃতদেহ ৷ সম্প্ৰতি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ ৰহা আৰক্ষীৰ ৷

teenage maid girl dead body rescued
বনকৰা কিশোৰীৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Apr 22, 2021, 10:22 PM IST

ৰহা,22 এপ্ৰিল: নগাঁও জিলাৰ ৰহাত বৃহস্পতিবাৰে দুপৰীয়া ভাগত ৰহস্যজনকভাৱে উদ্ধাৰ হয় এগৰাকী বনকৰা কিশোৰীৰ মৃতদেহ ৷ খাইগড়ৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ নামৰ লোকজনৰ ঘৰত বিগত 5 বছৰ ধৰি বনকৰা ছোৱালী হিচাপে আছিল পশ্চিম কাৰ্বি আংলঙৰ ভকচঙৰ 13 বছৰীয়া কিশোৰীগৰাকী ।

লোকজনৰ বাসগৃহৰ পিছফালে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হয় কিশোৰীগৰাকীৰ মৃতদেহ ৷ গৃহস্থই সদৰী কৰা মতে, সকলোৱে দুপৰীয়া ভাত খাই উঠি টিভি চাই থকা অৱস্থাতে কিশোৰী গৰাকীয়ে শৰীৰত জুই লগাই আত্মহত্যা কৰে । কিন্তু কিশোৰীগৰাকীৰ আত্মহত্যাৰ প্ৰকৃত কাৰণ বৰ্তমান ৰহস্যৰ আৱৰ্তত আছে ৷ ইফালে এয়া এক সম্পূৰ্ণ হত্যাকাণ্ড বুলি অভিযোগ তুলি পৰিস্থিতি উত্তপ্ত কৰি তোলে একাংশ স্থানীয় ৰাইজে ।

বনকৰা কিশোৰীৰ মৃতদেহ উদ্ধাৰ

ঘটনাস্থলীত ৰহা আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে কিশোৰীগৰাকীৰ মৃতদেহ । প্ৰকৃততে এয়া আত্মহত্যা নে পৰিকল্পিত হত্যাকাণ্ড, সেয়া মৰণোত্তৰ পৰীক্ষাৰ পাচতহে পোহৰলৈ আহিব ।

লগতে পঢ়ক : ৰূপহীহাটৰ গ্ৰাহক সেৱা কেন্দ্ৰত চাঞ্চল্যকৰ ডকাইতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.