ETV Bharat / state

Teachers farewell in Raha: মিছামাৰী বিবেকানন্দ মধ্য ইংৰাজী বিদ্যালয়ত বিদায় সম্বৰ্ধনা - Teachers farewell in Raha

১৯৮৪ চনত নিজে স্থাপন কৰা ২নং মিছামাৰী মধ্য ইংৰাজী বিদ্যালয়তে সহকাৰী শিক্ষক হিচাপে যোগদান কৰি ৩৮ বছৰ সেৱা আগবঢ়োৱা ধীৰেশ চন্দ্ৰ বৈশ্যৰ বিদায় সম্বৰ্ধনাত সভাত আৱেগ বিহ্বল হৈ পৰিল ছাত্ৰ-ছাত্ৰী,শিক্ষক তথা অভিভাৱকসকল । এই শিক্ষকগৰাকীৰ বিদায়ক্ষণত শনিবাৰে আয়োজন কৰিলে বিদায় সভা (Teachers Farewell meeting at Raha)।

Misamari Vivekananda middle English School
মিছামাৰী মধ্য ইংৰাজী বিদ্যালয়
author img

By

Published : Jan 1, 2023, 4:22 PM IST

মিছামাৰী মধ্য ইংৰাজী বিদ্যালয়

ৰহা, ১ জানুৱাৰী : অতীতত শিষ্যই গুৰুক গুৰুক ব্ৰহ্মাৰ দৰে জ্ঞান কৰিছিল (Teacher Student relationship) ৷ এই বিষয়টো সৰ্বজনবিদিত আৰু সমাদৃত । ইতিহাসৰ পৃষ্ঠা মেলি চালে ভাৰতীয় দৰ্শনত গুৰু-শিষ্যৰ পৱিত্ৰ আৰু মধুৰ সম্পৰ্কৰ অলেখ উদাহৰণ পোৱা যায় ৷ আগতে শিষ্যই গুৰুৰ বাক্য পালন কৰিবৰ বাবে আনকি জীৱন দিবলৈও কুণ্ঠাবোধ কৰা নাছিল ৷ আনকি গুৰু বাক্য পালনৰ বাবেই একলব্যই নিজৰ সোঁহাতৰ বুঢ়া আঙুলি কাটি গুৰু-দক্ষিণা দিছিল ৷ একেদৰে গুৰুৱে অনাহাৰে থাকিবলৈ কোৱা বাবেই উপমুন্যৱে ভোকত থাকিব নোৱাৰি আকণ গছৰ পাত খাই দৃষ্টিশক্তি হেৰুৱাইছিল । সেইবাবে আজিও গুৰুসকলক শ্ৰেষ্ঠ আসনত বহুওৱা হয় ।

ছাত্ৰ আৰু শিক্ষাগুৰুৰ পবিত্ৰ সম্পৰ্ক কিমান মধুৰ হ'ব পাৰে তেনে এক দৃশ্য প্ৰত্য়ক্ষ কৰা হৈছে ৰহা সমষ্টিৰ এখন বিদ্যালয়ত (Teachers farewell in Raha)। এই দৃশ্য় প্ৰত্য়ক্ষ কৰিলে আপুনিও আৱেগিক হৈ উঠিব । এই দৃশ্য় ৰহা সমষ্টিৰ প্ৰমিলা পঞ্চায়তৰ অন্তৰ্গত ২নং মিছামাৰী বিবেকানন্দ মধ্য ইংৰাজী বিদ্যালয়ৰ (Misamari Vivekananda middle English School) । বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা প্ৰতিষ্ঠাপক সদস্য ধীৰেশ চন্দ্ৰ বৈশ্যৰ ৩১ ডিচেম্বৰত অবসৰৰ দিনটোত আৱেগিক হৈ পৰিল ছাত্ৰ-ছাত্ৰী,শিক্ষক তথা অভিভাৱকসকল ।

সমষ্টিটোৰ অতি ভিতৰুৱা অঞ্চলটোত ১৯৮৪ চনত নিজে স্থাপন কৰা ২নং মিছামাৰী মধ্য ইংৰাজী বিদ্যালয়তে সহকাৰী শিক্ষক হিচাপে যোগদান কৰি ২৯ বছৰে বিনা বেতনে ধীৰেশ চন্দ্ৰ বৈশ্যই সেৱা আগবঢ়ায় । ৩৮ বছৰ শিক্ষাৰ জ্যোতিৰে জোতিষ্মান কৰিছে এইগৰাকী শিক্ষকে । ২০১৩ চনত বিদ্যালয়খন প্ৰাদেশিকীকৰণ হোৱাত তেওঁ ন বছৰহে চৰকাৰী দৰমহা ভোগ কৰিবলৈ সক্ষম হ'ল ।

সকলোৰে প্ৰিয় শিক্ষকগৰাকীৰ বিদায়ক্ষণত শনিবাৰে অতি আড়ম্বপূৰ্ণ ভাৱে আয়োজন কৰিলে বিদায় সভা । শিক্ষক-প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকলে বিদায়ী শিক্ষকগৰাকীক বাসগৃহৰ পৰা গাড়ীত উঠাই আনি বিদ্যালয় পদূলিত চকীত বহুৱাই কৰিলে পূজা-অৰ্চনা । মৰমৰ শিক্ষকগৰাকীৰ ভৰিত ধৰি সেৱা কৰে সকলোৱে । কপালত তিলক দি পিন্ধাই দিছে ফুলৰ মালা । ইয়াৰ পিছতে খুৱাইছে মিঠাই । ছাত্ৰ-ছাত্ৰী সকলে ছাৰক সাৱটি লৈ গ'ল সভা গৃহলৈ । বিভিন্ন গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মৰমৰ উপহাৰৰ টোপোলা আগবঢ়ালে শিক্ষকগৰাকীক। এগৰাকী শিক্ষাগুৰুৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ এনে মৰম-চেনেহৰ আবদাৰে সকলোকে কৰি তুলিলে আৱেগিক।

লগতে পঢ়ক:PM Modi extends birthday wishes: জ্যোতিৰাদিত্য সিন্দিয়া-এন বীৰেণ সিঙলৈ জন্মদিনৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.