ETV Bharat / state

নগাঁৱত স্বয়ম আঁচনিৰ শুভ উদ্বোধন মন্ত্ৰী কেশৱ মহন্তৰ - কেশৱ মহন্ত

শুকুৰবাৰে নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত স্বয়ম আঁচনিৰ উদ্বোধন কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই ৷ এই আঁচনিৰ জৰিয়তে 8 টা আত্মসহায়ক গোটক আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় ৷

svayem scheme inaugurated
স্বয়ম আঁচনিৰ শুভ উদ্বোধন
author img

By

Published : Jan 22, 2021, 9:49 PM IST

নগাঁও,22 জানুৱাৰী : নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অসম চৰকাৰৰ অভিলাষী আঁচনি নৱৰূপত ‘স্বয়ম’ৰ উদ্বোধনী অনুষ্ঠানত শুকুৰবাৰে মুখ্য অতিথি হিচাপে জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ৷ আঁচনিখন উদ্বোধন কৰি এই আঁচনিৰ জৰিয়তে যুৱক-যুৱতী আৰু মহিলাসকল স্বাৱলম্বীতাৰ দিশে এখোজ আগবাঢ়ি যাব মন্তব্য কৰে মন্ত্ৰী কেশৱ মহন্তই ।

svayem scheme inaugurated
স্বয়ম আঁচনিৰ শুভ উদ্বোধন

উল্লেখ্য় যে, সভাত স্বয়ম আঁচনিৰ জৰিয়তে আনুষ্ঠানিকভাৱে 8 টা আত্মসহায়ক গোটক আৰ্থিক সাহাৰ্য প্ৰদান কৰা হয় । সমগ্ৰ জিলাখনতে মুঠ 453 টা আত্মসহায়ক গোটক এই আঁচনিৰ জৰিয়তে আৰ্থিক অনুদান প্ৰদান কৰা হ’ব ।

উক্ত সভাত মন্ত্ৰী কেশৱ মহন্তসহ উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, জিলা উন্নয়ন আয়ুক্ত হেমন্ত ভূঞা, কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগ প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি আৰু বিষয়া-কৰ্মচাৰী ৷

লগতে পঢ়ক : কংগ্ৰেছ-এআইডিএফৰ মিত্ৰজোঁটে অগপ-বিজেপিক সহায় কৰিব : কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.