ETV Bharat / state

নগাঁৱৰ নিচামুক্তি কেন্দ্ৰত চিকিৎসাৰ নামত যুৱকক হত্যাৰ অভিযোগ

author img

By

Published : Apr 21, 2022, 4:43 PM IST

নিচামুক্ত কৰাৰ নামত যুৱকক হত্যাৰ অভিযোগ নগাঁৱৰ এটা নিচামুক্ত কেন্দ্ৰৰ বিৰুদ্ধে (Suspicious murder at de addiction center in Nagaon) । নগাঁৱৰ ফ্ৰেণ্ডছ নিচামুক্ত কেন্দ্ৰৰ বিৰুদ্ধে হয়বৰগাঁও আৰক্ষী থানাত দাখিল এক এজাহাৰ । ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত নগাঁও ৷

de addiction center in Nagaon
নগাঁৱৰ নিচামুক্তি কেন্দ্ৰত চিকিৎসাৰ নামত যুৱকক হত্যাৰ অভিযোগ

নগাঁও, 21 এপ্ৰিল : নগাঁৱৰ এটা নিচামুক্তি কেন্দ্ৰত অঘটন ৷ নিচামুক্তি কেন্দ্ৰটোত অতি ৰহস্যজনকভাৱে মৃত্যু হৈছে এজন যুৱকৰ (Suspected murder case at de addiction center in Nagaon) ৷ এই ঘটনাক কেন্দ্ৰ কৰি বুধবাৰে নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় হয়বৰগাওঁ আৰক্ষী থানাৰ সন্মুখত । পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি, কিছুদিন পূৰ্বে নগাঁৱৰ শিমলুগুৰিৰ মোবাৰক হুছেইন নামৰ যুৱকজনক ভৰ্তি কৰোৱা হৈছিল নগাঁৱৰ ফ্ৰেণ্ডছ নিচামুক্তি কেন্দ্ৰত ।

de addiction center in Nagaon
নিচামুক্তি কেন্দ্ৰত অঘটন

কিন্তু বুধবাৰে পুৱাই হঠাৎ মৃত্যু হয় যুৱকজনৰ । নিচামুক্তি কেন্দ্ৰৰ ভিতৰতে যুৱকজনৰ মৃত্যু হোৱা বিষয়টোক সহজভাৱে ল'ব পৰা নাই এতিয়া পৰিয়ালৰ লোকে । ধৰ্মীয় ৰীতি নীতিৰে শেষকৃত্য সম্পন্ন কৰাৰ যো-জা কৰাৰ সময়তে যুৱকজনৰ মৃতদেহত আঘাতৰ চিন প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে । লগে লগে যুৱকজনৰ মৃত্যুক লৈ সন্দেহৰ সৃষ্টি হয় পৰিয়ালৰ মাজত । মৃত মোবাৰক হুছেইনৰ আত্মীয়ৰ সন্দেহ, নিচামুক্তি কেন্দ্ৰটোৰ দায়িত্বত থকা লোকৰ আঘাতৰ ফলতেই মৃত্যু হয় যুৱকজনৰ ৷

নগাঁৱৰ নিচামুক্ত কেন্দ্ৰত চিকিৎসাৰ নামত যুৱকক হত্যাৰ অভিযোগ

এতিয়া ভুক্তভোগী পৰিয়ালটোৰ একাংশ লোকৰ অভিযোগ মতে, কেন্দ্ৰটোতে হত্যা কৰা হৈছে যুৱকজনক ৷ যাৰ বিৰুদ্ধে ন্যায়ৰ দাবীত ভুক্তভোগী পৰিয়ালটোৱে বুধবাৰে সন্ধিয়া নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীত দাখিল কৰে এক এজাহাৰ । যুৱকজনৰ মৃত্যুৰ ন্যায় বিচাৰি বুধবাৰে সন্ধিয়া হয়বৰগাঁও আৰক্ষী চকীৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় লোকে । অৱশ্যে, পৰৱৰ্তী সময়ত হয়বৰগাঁও আৰক্ষীৰ তৎপৰতাত নিয়ন্ত্ৰণ হয় পৰিস্থিতি ৷

লগতে পঢ়ক : Encounter at Nagaon : আৰক্ষীৰ গুলীত আহত শিশু ধৰ্ষণকাণ্ডৰ অভিযুক্ত

উল্লেখ্য যে, ভুক্তভোগী পৰিয়ালটোৰ এজাহাৰৰ ভিত্তিতেই ঘটনা সন্দৰ্ভত হয়বৰগাঁও আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ৷ তদন্তৰ খাতিৰত আৰক্ষীয়ে আটক কৰিছে নিচামুক্তি কেন্দ্ৰটোৰ দুজন যুৱককো ৷ আনহাতে, বৃহস্পতিবাৰে পুৱাই নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত যুৱকজনৰ মৰুণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হয় ৷

লগতে পঢ়ক : Suicide case in Nalbari : নলবাৰীত চীপ লোৱা অৱস্থাত উদ্ধাৰ স্বামী-স্ত্ৰীৰ মৃতদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.