ETV Bharat / state

কেঁচা মৰাপাটৰ ৰচীত ওলমি আছিল গোবিনৰ মৃতদেহ

author img

By

Published : Aug 15, 2021, 10:13 PM IST

এজন যুৱকৰ মৃত্যুৰ ঘটনাই কলিয়াবৰৰ শিলঘাটৰ বিহডুবিত সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্য ৷ ঘৰৰ সমীপৰ এজোপা গছত চীপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদহে ৷ কিন্তু প্ৰকৃততে এইয়া হত্যা নে আত্মহত্যা ? কি কয় মৃত যুৱকজনৰ পৰিয়ালে ৷

suspected-murder-at-silghat-of-kaliabor
শিলঘাটৰ বিহডুবিত ৰহস্যজনক ভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ

কলিয়াবৰ, 15 আগষ্ট : কলিয়াবৰৰ শিলঘাটৰ বিহডুবিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ ঘৰৰ কাষৰে এজোপা গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে গোবিন ৰাজভৰ নামৰ এজন 22 বছৰীয়া যুৱকৰ মৃতদেহ ৷ এই ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে মৃত যুৱকজনৰ পৰিয়ালে ৷ কাৰণ উক্ত নিশাই চুবুৰীয়া এখন গাঁৱৰ এজন যুৱকৰ সৈতে কাজিয়াত লিপ্ত হৈছিল মৃত যুৱকজন ৷ নিশাৰে পৰা নিৰুদ্দেশ হৈ থকাৰ পাছত পিছদিনা পুৱা ঘৰৰ কাষৰ এজোপা গছত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ ৷

প্ৰাপ্ত খবৰ মতে, বৃহস্পতিবাৰে সন্ধিয়া চুবুৰীয়া এখন গাঁৱৰ নৃপেন গগৈ নামৰ এজন সুৰাসক্ত লোকে কোনো কাৰণ নোহোৱাকৈয়ে গালি-গালাজ কৰিছিল বিহডুবি গাঁৱৰ গোবিনক ৷ তাৰ পাছত দুয়োৰে মাজত তৰ্কা-তৰ্কি,হতা-হতিৰ সৃষ্টি হয় যদিও কিছু মূহুৰ্তৰ ভিতৰতে সেইয়া শাম কাটে ৷ কিন্তু বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হোৱা সৰু বিবাদৰ ইমানতে অন্ত নপৰিল ৷ শুকুৰবাৰে নিশা উক্ত ঘটনাই ল’লে ভয়ানক ৰূপ ৷

সুৰাসক্ত নৃপেন গগৈ ওৰফে কাৰ্ত্তিকে গাঁৱৰ প্ৰায় এঘাৰজন লোকক লগত লৈ নিশা গোবিন ৰাজভৰৰ ঘৰত উপস্থিত হৈ গোবিনক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰে ৷ কাৰ্ত্তিকৰ নেতৃত্বত যোৱা 11 জনীয়া উদণ্ড দলটোৱে পিতৃ-মাতৃ আৰু ভাতৃ-ভগ্নীৰ সন্মুখতে নিশাৰ আহাৰ গ্ৰহণ কৰি থকা সময়তে ঘৰৰ ভিতৰৰ পৰা চোঁচৰাই আনি গোবিনক মাৰধৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে ৷

লগতে পৰিয়ালটোক বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি সুৰাৰ ৰাগীত মাতাল 11 জনীয়া দলটোৱে গোবিনক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ অভিযোগ পৰিয়ালটোৰ ৷ উত্থাপিত অভিযোগ মতে, পিতৃৰ কাতৰ অনুৰোধকো কেৰেপ নকৰি পুত্ৰক বহু সময়ধৰি প্ৰহাৰ কৰি থাকিল এই উদণ্ড দলটোৱে ৷ পৰৱৰ্তী সময়ত দলটোৱে সেই স্থান ত্যাগ কৰাৰ লগতে নিৰুদ্দেশ হয় গোবিন ৰাজভৰ ৷ নিশাটো চাৰিফালে বিচৰি গোবিনৰ সন্ধান লাভ নকৰিলে পৰিয়ালটোৱে ৷

লগতে পঢ়কঃ নিৰাপত্তহীনতাত ভুগিছে অসম-নাগালেণ্ড মেৰাপানী সীমান্তৰ অসমীয়াই

অতি ৰহস্যজনকভাৱে শুকুৰবাৰে পুৱা বিহডুবি গাঁৱৰে এজোপা গছত কেঁচা মৰাপাটৰ বাকলিৰ ৰচীৰে চিপজৰী লোৱা আৱস্থাত উদ্ধাৰ হয় গোবিনৰ মৃতদেহ ৷ গোবিনক নিৰ্দয়ভাৱে প্ৰহাৰ কৰা কেইবাজনো লোকৰ নাম উল্লেখ কৰি গোবিন কণিষ্ঠ ভাতৃৰ অভিযোগ- "মোৰ দাদাক সিহঁতে মাৰি গছত ওলমাই থৈ গৈছে ৷ " আৰক্ষীয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি ইতিমধ্যে পৰিয়ালক মৃতদেহ চমজাই দিছে ৷

ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালটোৱে কলিয়াবৰ মহকুমা আৰক্ষী বিষয়াৰ হাতত এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষীৰ সঠিক তদন্তৰ অন্ততহে পোহৰলৈ আহিব ঘটনা প্ৰকৃত ৰহস্য ৷

লগতে পঢ়কঃ প্ৰেমত বাধা দিয়াৰ বাবেই বায়েকে হত্যা কৰিলে ভায়েকক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.