ETV Bharat / state

নগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য: দুজনক আটক

author img

By

Published : Jun 2, 2020, 4:40 PM IST

Updated : Jun 2, 2020, 9:00 PM IST

মঙলবাৰে নগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ একাংশ সতীৰ্থলৈ সন্দেহৰ আঙুলি পৰিয়ালৰ লোকৰ ৷

suspected murder at nagaon
নগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য

নগাঁও, 2 জুন : দেশত লক ডাউন অব্যাহত থকাৰ সময়তে মঙলবাৰে নগাঁৱত এজন যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

জানিব পৰা মতে, নগাঁৱৰ আমিনপট্টিৰ ইমদাদ আহমেদ ওৰফে চনু নামৰ যুৱকজন সোমবাৰে সন্ধিয়া ঘৰৰ পৰা ওলাই যোৱাৰ পিছত নিশা নগাঁৱৰ ইটাচালিৰ সমীপত অচেতন অৱস্থাত উদ্ধাৰ কৰা হয় ৷ পৰৱৰ্তী সময়ত যুৱকজনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পুৱতি নিশা যুৱকজনৰ মৃত্যু হয় ।

নগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য: অভিযুক্তৰ বাসগৃহ ঘেৰাও

ইফালে পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, ইমদাদ আহমেদ নামৰ যুৱকজনক ৰ'জ উপাধিৰ এজন সতীৰ্থই হত্যা কৰাৰ সন্দেহ কৰিছিল ইমদাদৰ পৰিয়ালৰ লোকে।

এগৰাকী আৰক্ষী বিষয়াৰ পুত্ৰ জনৈক ৰ'জৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰি বিয়লি স্থানীয় ক্ষুব্ধ একাংশই ঘেৰাও কৰে আৰক্ষী বিষয়াগৰাকীৰ বাসগৃহ। একাংশ লোকে শিলগুটি নিক্ষেপ কৰে অভিযুক্ত যুৱকজনৰ বাসগৃহত ।

আৰক্ষী বিষয়াৰ পুত্ৰ অভিযুক্ত যুৱকজনৰ বাসগৃহৰ সন্মুখৰ পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত উচ্চপদস্থ বিষয়াসহ উপস্থিত হয় আৰক্ষীৰ এটা বৃহৎ দল । অভিযুক্ত যুৱকজনৰ বাসগৃহৰ দুৱাৰ খিৰিকী ভাঙি চূৰমাৰ কৰে উত্তেজিত একাংশই । উত্তেজিত ৰাইজে শিলগুটি নিক্ষেপ কৰাৰ সময়ত সামান্য আঘাতপ্ৰাপ্ত হয় এগৰাকী গৃহৰক্ষীৰ জোৱান ।

পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অৱশেষত আৰক্ষীয়ে পাম্পেকশ্যন গানেৰ গুলী ফুটাবলৈ বাধ্য হয়। নগাঁও আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় পৰিস্থিতি।

শেহেতীয়া তথ্য অনুসৰি, যুৱকজনৰ মৃত্যুৰ লগত জড়িত দুই অভিযুক্ত ক্ৰমে, ইমৰজ হুছেইন আৰু হিমানজ্যোতি বৰাক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : নগাঁও আৰু নলবাৰীত আতংকঃ ৰাজপথত উদ্ধাৰ ব্যৱহৃত পিপিই কিট

Last Updated : Jun 2, 2020, 9:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.