ETV Bharat / state

আৱেগিক সুৰেশ বৰা: জিতু গোস্বামীৰ মুখ্যমন্ত্ৰীৰ পছন্দৰ প্ৰাৰ্থী হিমন্ত

author img

By

Published : May 4, 2021, 7:18 PM IST

Updated : May 4, 2021, 8:56 PM IST

সদ্যঘোষিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ বিজেপিৰ লগতে আঞ্চলিক দলৰ বহু নেতাই খাবলগীয়া হ'ল মুখথেকেচা । দলৰ সভাপতিৰ দায়িত্বত থকা ৰিপুণ বৰা, লুৰিণজ্যোতি গগৈৰ দৰে নেতায়েও দেখিব নোৱাৰিলে বিজয়ৰ মুখ । আনকি বৃহৎ ভোটৰ ব্যৱধানত পৰাজিত হ'ল এসময়ৰ মোহময়ী অভিনেত্ৰী আঙুৰলতা ডেকা ।

story-on-election-result
আৱেগিক সুৰেশ বৰা, জিতু গোস্বামীৰ মুখ্যমন্ত্ৰীৰ পছন্দৰ প্ৰাৰ্থী হিমন্ত

নগাঁও,4 মে’: সদ্যঘোষিত অসম বিধানসভা নিৰ্বাচনৰ ফলাফলত সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ প্ৰস্তুতি চলাইছে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে । এইবাৰ নিৰ্বাচনত কংগ্ৰেছ বিজেপিৰ লগতে আঞ্চলিক দলৰ বহু নেতাইও খাবলগীয়া হ'ল মুখথেকেচা । দলৰ সভাপতিৰ দায়িত্বত থকা ৰিপুণ বৰা, লুৰিণজ্যোতি গগৈৰ দৰে নেতাও দেখিব নোৱাৰিলে বিজয়ৰ মুখ । আনকি বৃহৎ ভোটৰ ব্যৱধানত পৰাজিত হ'ল এসময়ৰ মোহময়ী অভিনেত্ৰী আঙুৰলতা ডেকা ।

ইয়াৰ বিপৰীতে নগাঁৱৰ চামগুৰি বিধানসভা সমষ্টিৰ পৰা পঞ্চমবাৰৰ বাবে নিৰ্বাচিত হ'ল কংগ্ৰেছৰ ৰকিবুল হুছেইন । বিজেপি প্ৰাৰ্থী অনিল শইকীয়াক ২৬,০৯৮ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে বিজয় মুকুট পিন্ধিবলৈ সক্ষম হয় ৰকিবুল হুছেইন ।

ইপিনে উন্নয়নমূলক কাম আৰু জনসংযোগ ৰক্ষা কৰাৰ বাবেই কংগ্ৰেছ, এআইইউডিএফৰ প্ৰত্যাহ্বান নেওচি নগাঁও সদৰ সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয় বিজেপিৰ ৰূপক শৰ্মা । কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক ১১,০৮৩ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয়ী হয় ৰূপক শৰ্মা ।

তদুপৰি ধিং বিধানসভা সমষ্টিৰ পৰা একেৰাহে তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয় এআইইউডিএফৰ আমিনুল ইছলাম । ৰাইজৰ দলৰ প্ৰাৰ্থী মেহবুব মুক্তাৰক ১০২,৯৬৭ টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়ী হয় আমিনুল ইছলাম ।

আনহাতে এইবাৰ নিৰ্বাচনত পৰাজয়বৰণ কৰিবলগীয়া হয় এসময়ৰ মোহময়ী অভিনেত্ৰী আঙুৰলতা ডেকা । পাঁচটা বছৰ প্ৰতিনিধিত্ব কৰা আঙুৰলতা ডেকাই কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ হাতত পৰাজিত হয় ৩২,৮২০ টা ভোটৰ ব্যৱধানত ।

ইফালে আঞ্চলিকতাবাদৰ শক্তিশালী ভেটি বঢ়মপুৰত এইবাৰ প্ৰথমবাৰৰ বাবে ফুলিল পদুম । ১৯৯১ চনৰ পৰা একেৰাহে সমষ্টিটোক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক বঞ্চিত কৰি মিত্ৰজোঁটৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা বিজেপিৰ জিতু গোস্বামীয়ে সামান্য ভোটৰ ব্যৱধানত কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰাক পৰাজিত কৰি নিৰ্বাচিত হয় বিধানসভালৈ । তদুপৰি তৃতীয়বাৰৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থিত্ব লাভ কৰি পৰাজয় বৰণ কৰিয়েই আৱেগিক হৈ পৰিল সুৰেশ বৰা । বিগত দুটাকৈ নিৰ্বাচনত পৰাজিত হৈও সমষ্টিবাসীৰ কাষত থিয় দিয়াৰ পিছতো পৰাজিত হোৱাক লৈ আৱেগিক মন্তব্য কৰে কংগ্ৰেছ নেতা সুৰেশ বৰাই ।

আৱেগিক সুৰেশ বৰা: জিতু গোস্বামীৰ মুখ্যমন্ত্ৰীৰ পছন্দৰ প্ৰাৰ্থী হিমন্ত

ইপিনে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা বিজেপিৰ জিতু গোস্বামীয়ে মুখ্যমন্ত্ৰী পদৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ দৰে নেতা তেওঁৰ পছন্দৰ বুলিও মুকলিকৈ কৈ মন্তব্য আগবঢ়ায় ।

ভয়াবহ ক’ভিড মহামাৰীৰ মাজতে সদ্যঘোষিত অসম বিধানসভা নিৰ্বাচনত কংগ্ৰেছ, বিজেপিৰ লগতে আঞ্চলিক দলৰ বহু নেতাই মুখথেকেচা খোৱাৰ বিপৰীতে নগাঁও জিলাৰ বহুকেইটা সমষ্টিত জিতু গোস্বামী, শিৱামণি বৰাৰ দৰে নতুন প্ৰাৰ্থীয়ে মাৰিলে বিজয়ৰ হাঁহি ৷ ইফালে এসময়ৰ মোহময়ী অভিনেত্ৰী তথা পাঁচটা বছৰ প্ৰতিনিধিত্ব কৰা আঙুৰলতা ডেকাৰ পৰাজয়, নিচেই কম ভোটত কংগ্ৰেছ প্ৰাৰ্থী সুৰেশ বৰাৰ পৰাজয়ৰ প্ৰসংগ এতিয়া সামাজিক মাধ্যমত হৈ পৰিছে এক চৰ্চাৰ বিষয় ৷

উল্লেখ্য যে, বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত এতিয়া কোন হ'ব মুখ্যমন্ত্ৰী তাক লৈয়েই আৰম্ভ হৈছে জল্পনা-কল্পনা । দিল্লীৰ এক সূত্ৰে জানিব পৰা মতে, হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা অধিক । অৱশ্যে এই সন্দৰ্ভত এই পৰ্যন্ত কোনো নিশ্চিত নহয় যদিও দিল্লীৰ সেউজ সংকেতৰ পিছতেই স্পষ্ট হ'ব কোন হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী মন্ত্ৰী ?

লগতে পঢ়ক: অজেয় নহয় নৰেন্দ্ৰ মোডী-অমিত শ্বাহ: শিৱসেনা

Last Updated : May 4, 2021, 8:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.