ETV Bharat / state

ধুমুহাৰ প্ৰকোপত গৃহহীন নগাঁৱৰ বহু পৰিয়াল - ধুমুহাৰ প্ৰকোপত গৃহহীন নগাঁৱৰ বহু পৰিয়াল

প্ৰচণ্ড ধুমুহাত বিধ্বস্ত ৰাজ্য ৷ গৃহহীন হৈ পৰিল দিন হাজিৰা কৰি জীৱন-নিৰ্বাহ কৰা নগাঁৱৰ বহু পৰিয়াল

Storm in Nagaon
ধুমুহাৰ প্ৰকোপত গৃহহীন নগাঁওৰ বহু পৰিয়াল
author img

By

Published : Apr 15, 2020, 8:50 PM IST

নগাঁও,15এপ্ৰিলঃ ক্ৰমাৎ আতংকৰ মাজত দিন অতিবাহিত কৰিবলগীয়া হৈছে এতিয়া ৰাজ্যবাসীয়ে ৷ এফালে যদি কৰ'ণাৰ আতংক,আনফালে আকৌ লক ডাউনৰ ফলত স্তদ্ধ হৈ পৰিছে জনজীৱন ৷ তাৰমাজতে বুধবাৰে ধুমুহাৰ কৱলত পৰিল সমগ্ৰ ৰাজ্য ৷ তচনচ কৰি গ'ল সকলো ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বুধবাৰে ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিলে নগাঁৱত ৷ নগাঁৱৰ মধুপুৰ কলংপাৰৰ কেবাটাও বাসগৃহ উৰুৱাই লৈ গ'ল প্ৰচণ্ড ধুমুহাই ৷ ফলত গৃহহীন হৈ পৰিল বহুকেইটা পৰিয়াল ৷ দিন হাজিৰা কৰি জীৱন-নিৰ্বাহ কৰা পৰিয়াল কেইটাই বিগত 21দিনেই লকডাউনৰ বাবে ঘৰত বহিয়েই পাৰ কৰিব লগা হৈছিল ৷ তাৰ পৰিপ্ৰেক্ষিতত এতিয়া ধুমুহাইও বিধ্বস্ত কৰি পেলোৱাৰ ফলত তীব্ৰ সংকটত ভুগিব লগা হৈছে পৰিয়ালকেইটা ৷ ইপিনে লক ডাউনৰ সময়ছোৱাত চৰকাৰী অথবা বেচৰকাৰী সংস্থা,দল সংগঠনৰ কোনো সাহাৰ্যই লাভ কৰা নাই বুলিও সাংবাদিকৰ আগত প্ৰকাশ কৰিছে দুৰ্ভগীয়া পৰিয়াল কেইটাই ৷

ধুমুহাৰ প্ৰকোপত গৃহহীন নগাঁওৰ বহু পৰিয়াল

লগতে চাওকঃ COVID-19: ছ'চিয়েল মিডিয়াত ছুপাৰষ্টাৰ ছলমান খানৰএখন বিশেষ ছবি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.