নগাঁও, 25 মাৰ্চ : পুনৰ প্ৰবাহমান হ’ব মধ্য অসমৰে হৃদপিণ্ড স্বৰূপ কলং । বহু বছৰে স্তব্ধ কলঙক প্ৰবাহিত কৰিবলৈ তৎপৰ হৈ আছিল নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । বিধায়ক ৰূপক শৰ্মাৰ প্ৰচেষ্টাতেই পুনৰ কলঙক বোৱতী কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ।
এসময়ত বহু বিশিষ্ট কবি, সাহিত্যিকৰ কলমতো প্ৰাণ পাইছিল এই কলঙে (Rejuvenation of Kolong river) । কিন্তু হঠাৎ স্তব্ধ হৈ পৰা কলঙৰ পৰাই প্ৰদূষণ সৃষ্টিৰ আশংকা হৈ পৰিছিল । যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই পূৰ্বৰ দৰেই কলঙক বোৱতী কৰিবলৈ প্ৰচেষ্টা চলাইছিল বিধায়ক ৰূপক শৰ্মাই । সম্প্ৰতি বিধায়কগৰাকীৰ প্ৰচেষ্টাই কলং নৈয়ে পূৰ্ণতা পোৱাৰ দিশে আগবাঢ়িছে ।
প্ৰায় 2.85 কোটি টকা ব্যয় সাপেক্ষে ৰাজ্য চৰকাৰে এই কাম হাতত লৈছে ৷ নগাঁও চহৰৰ মাজতেই কলঙক বোৱাবলৈ প্ৰথম পৰ্যায়ত আৰম্ভ কৰিছে এই খনন কাৰ্য (Started Kolong river excavation)। নগাঁও ছোৱালী মহাবিদ্যালয়ৰ পৰা ভূঞাপট্টি পৰ্যন্ত প্ৰথম পৰ্যায়ত তিনি কিলোমিটাৰ খনন কাৰ্যৰ বাবে আঁচনি গ্ৰহণ কৰিছে ৰাজ্যৰ জলসম্পদ বিভাগে । বিধায়ক ৰূপক শৰ্মাক লগত লৈ শনিবাৰে নগাঁও চহৰৰ ছোৱালী মহাবিদ্যালয়ৰ সমীপত কলঙৰ খনন কাৰ্যৰ শুভাৰম্ভ কৰে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাই ।
প্ৰথম পৰ্যায়ৰ তিনি কিলোমিটাৰ খনন কাৰ্যৰ শুভাৰম্ভ কৰি পৰৱৰ্তী সময়ত আৰু অধিক খননৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । কলং খনন কাৰ্যৰ শুভাৰম্ভ কৰি বিধায়ক ৰূপক শৰ্মাক এগৰাকী সুদক্ষ বিধায়ক বুলি ভাষণত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।
ইফালে কলং খনন কাৰ্যৰ শুভাৰম্ভই নগাঁওবাসীৰ এক দীৰ্ঘদিনীয়া সপোন পূৰণ কৰিব বুলি আশাবাদী বিধায়ক ৰূপক শৰ্মা । লগতে কলং খননৰ প্ৰকল্প গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক শৰ্মাই ।
অসম চৰাকাৰে হাতত লোৱা এই পদক্ষেপ এতিয়া সকলোৱে সলাগ জনাইছে ৷ সকলোৰে এটাই আশা পূৰ্বৰ দৰে আকৌ নগাঁৱৰ মাজেৰে বৈ যাব কলং নৈ ৷ আকৌ শুৱনি হ’ব কলঙৰ পাৰ ৷ উল্লেখ্য যে, শনিবাৰে নগাঁৱত কলং খনন কাৰ্যৰ শুভাৰম্ভ অনুষ্ঠানত (Inauguration of Kolong river excavation) বিধায়ক ৰূপক শৰ্মা আৰু মন্ত্ৰী পীযুষ হাজৰীকাৰ লগতে উপস্থিত থাকে বিধায়ক শশীকান্ত দাস, বিধায়ক দিগন্ত কলিতাও ৷
লগতে পঢ়ক : Bihu workshop in Kaliabar: ঢোল-পেঁপাৰ মাতে কঁপাইছে কলিয়াবৰ