ETV Bharat / state

তিনিদিনীয়া কাৰ্যসূচীৰে পালন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী

author img

By

Published : Oct 7, 2019, 6:28 PM IST

বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 571 সংখ্যক জন্ম জয়ন্তী মহোৎসৱ উপলক্ষে উদুলি-মুদুলি পৰিৱেশ । মূৰ্তি পূজাৰ বিপৰীতে বটদ্ৰৱাত ধ্বনিত হৈছে হৰি নাম আৰু কৃষ্ণ বন্দনা । সোমবাৰে পৰা তিনি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে গুৰুজনাৰ ৫৭১ সংখ্যক জন্ম জয়ন্তী উৎসৱ ।

তিনিদিনীয়া কাৰ্যসূচীৰে পালন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী

বটদ্ৰৱা, 7 অক্টোবৰঃ তিনি দিনীয়া কাৰ্যসূচীৰে বটদ্ৰৱাত পালন কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 571 সংখ্যক জন্ম জয়ন্তী ৷ হৰি নাম আৰু কৃষ্ণ বন্দনাৰে মুখৰিত হৈছে বটদ্ৰৱাৰ পৰিৱেশ ৷ পুৱা তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্ৰসংগ, দুপৰীয়া নাম প্ৰসংগ ইত্যাদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হৈ যায় ৷ ইপিনে আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত হয় থিতাতে লিখা ৰচনা প্ৰতিযোগিতা ।

তিনিদিনীয়া কাৰ্যসূচীৰে পালন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী

বিয়লি জন্মজয়ন্তী উপলক্ষে গুৰুচৰিত পাঠ কাৰ্যসূচীত সত্ৰৰ ভকত বৈষ্ণৱে শ্ৰৱণ কীৰ্তনেৰে এক আধ্যাত্মিক পৰিবেশৰ মাজত সম্পূৰ্ণ কৰে প্ৰথম দিনৰ কাৰ্যসূচী । উল্লেখ্য যে, দ্বিতীয় দিনা পুৱা 9 বজাত আৰম্ভ হ’ব বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে থান প্ৰাংগন আৰু দৌল মন্দিৰত 571 গছি বন্তি প্ৰজ্বলন কাৰ্যসূচী । নিশা নৰোৱা সত্ৰৰ ভকত বৃন্দই পৰিবেশন কৰিব 'চোৱাতন বধ' ভাওনা ৷

Intro:Body:বটদ্ৰৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যক জন্ম জয়ন্তী মহোৎসৱ উপলক্ষে উদুলি-মুদুলি পৰিবেশ । মূৰ্তি পূজাৰ বিপৰীতে বটদ্ৰৱাত হৰি নাম ।

সমগ্ৰ ৰাজ্যতে উলহ-মালহেৰে উদযাপন কৰিছে দেবী দূৰ্গা পূজা । কিন্তু তাৰ বিপৰীতে বটদ্ৰৱাত চলিছে কৃষ্ণ নাম । আজিৰে পৰা তিনি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে মহাপুৰুষ গুৰুজনাৰ ৫৭১ সংখ্যক জন্ম জয়ন্তী উৎসৱ । পুৱা তাল কোবোৱা প্রসঙ্গ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোল প্রসংগ, দুপৰীয়া নাম প্রসংগৰ ওপৰিও আকাশী গংগাৰ তীৰৰ আই খেৰসূতী সাংস্কৃতিক মঞ্চত অনুষ্ঠিত হয় ঠিতাতে লিখা ৰচনা প্ৰতিযোগিতা। বিয়লি জন্মজয়ন্তী উপলক্ষে গুৰুচৰিত পাঠ কাৰ্যসূচীত সত্ৰৰ ভকত বৈষ্ণৱে শ্ৰৱন কীৰ্তন কৰি এক আধ্যাত্মিক পৰিবেশৰ মাজৰে সম্পৰ্ণ হয় আজি প্ৰথম দিনা কাৰ্যসূচী । উল্লেখ্য যে কাইলৈ থানৰ নিত্য নৈমিত্তিক প্রসংগৰ উপৰিও পুৱা ৯ বজাত আৰম্ভ হ’ব বিশাল সাংস্কৃতিক শোভাযাত্রা আৰু সন্ধিয়া বজাত থান প্রাংগন আৰু দৌল মন্দিৰত ৫৭১ গছি বন্তি প্রজ্বলন কৰিব। নিশা নৰোৱা সত্ৰৰ ভকত বৃন্দই পৰিবেশন কৰিব 'চোৱাতন বধ' ভাওনা।____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম । Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.