ETV Bharat / state

Example Of Self reliance: চাইকেল মেৰামতিৰে স্ব-নির্ভৰশীলতাৰ নিদৰ্শন বিশেষভাৱে সক্ষম আবুৰ - আত্মনিৰ্ভৰশীল বিশেষভাৱে সক্ষম যুৱক

যি সময়ত সংস্থাপন বিচাৰি বহু নিবনুৱাই বহিঃৰাজ্যলৈ ঢাপলি মেলিছে নাইবা সংস্থাপনৰ অভাৱত একাংশই ভৰি দিছে অপৰাধ জগতত ৷ আনকি বিশেষভাৱে সক্ষম বহুতেই বাছি লৈছে ভিক্ষাবৃত্তি, এনে সময়তেই নগাঁৱৰ বিশেষভাৱে সক্ষম এজন যুৱকে দেখুৱাইছে আত্মনির্ভৰশীলতাৰ এক অনন্য নিদৰ্শন । কঠোৰ সংগ্ৰামৰ মাজেৰে স্বনির্ভৰশীল হৈছে যুৱকজন । কিন্তু কেনেকৈ ? বিশেষভাৱে সক্ষম এজন যুৱককলৈ আজিৰ এই বিশেষ প্ৰতিবেদন ৷

Self reliance through bicycle repairing
আত্মনিৰ্ভৰশীল বিশেষভাৱে সক্ষম যুৱক
author img

By

Published : Jul 28, 2023, 5:19 PM IST

আত্মনিৰ্ভৰশীল বিশেষভাৱে সক্ষম যুৱক

নগাঁও, 28 জুলাই : জীৱন মানেই সংগ্ৰাম ৷ কঠোৰ সংগ্ৰামৰ মাজেৰেই আত্মনিৰ্ভৰশীল বিশেষভাৱে সক্ষম যুৱক ৷ আত্মনির্ভৰশীলতাৰ অনন্য নিদৰ্শন এগৰাকী নগঞা যুৱকৰ ৷ আমি ক’বলৈ লোৱা এই বিশেষভাৱে সক্ষম যুৱকজনৰ নাম আবু চুফিয়ান ।

নগাঁৱৰ ভকতগাঁৱৰ আবু চুফিয়ানৰ জন্মৰ এটা বছৰ পিচতেই একপ্ৰকাৰ অচল হৈ পৰিছিল ভৰি দুখন । শৈশৱৰ সোণালী সময়ত ওমলাৰ পৰাও বঞ্চিত এইজন আবু চুফিয়ানে এনে এক কঠোৰ পৰিৱেশৰ মাজতেই দশম শ্ৰেণীলৈকে অধ্যয়ন কৰি সামৰিবলগীয়া হৈছিল শিক্ষা জীৱন ।

বৰ্তমান 33 বছৰীয়া আবু চুফিয়ান বিশেষভাৱে সক্ষম যদিও আন একাংশৰ দৰে ভিক্ষাবৃত্তিত জড়িত হোৱাৰ বিপৰীতে আত্মনিৰ্ভৰশীল হ’বলৈ বাছি লৈছে বিশেষ পথ । বিগত 18 বছৰ ধৰিয়েই চাইকেল মেৰামতিৰে স্বনির্ভৰশীল বিশেভাৱে সক্ষম আবু চুফিয়ান । বিগত 18 বছৰ ধৰিয়েই ভকতগাঁৱৰ এটা স্থানতে এখন চাইকেল মেৰামতিৰ দোকানৰে ভাতমুঠি মোকলাই আহিছে আবু চুফিয়ানে ।

নিজে উচ্চ শিক্ষা গ্ৰহণ নকৰিলেও আবু চুফিয়ানে নিজৰ সন্তানক লৈ এতিয়া দেখিছে বহু সপোন । নিজ সন্তানতক উচ্চ শিক্ষিত কৰিবলৈ সম্প্ৰতি অধিক সংগ্ৰামত ব্ৰতী হৈছে বিশেষভাৱে সক্ষম আবু চুফিয়ানে । বিগত 18 টা বছৰে একেটা স্থানতে বিভিন্নজনৰ চাইকেল মেৰামতি কৰি অহা বহু লোকৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তুলিবলৈও সক্ষম হৈছে আবুয়ে ।

জন্মৰ এটা বছৰ পিচতেই ভৰি দুখন অচল হৈ পৰা আবু চুফিয়ানে এক দুৰ্ঘটনাত হেৰুৱাইছিল এখন হাতৰো শক্তিক্ষমতা । কিন্তু তাৰ পিচতো কঠোৰ জীৱন সংগ্ৰাম অব্যাহত ৰখা এইজন আবু চুফিয়ানে চৰকাৰৰ পৰাও বিশেষ কোনো সাহাৰ্য লাভ লাভ কৰা নাই বুলিও উত্থাপন কৰিছে অভিযোগ । চৰকাৰী অনুদানৰ নামত বিশেষকৈ ভিক্ষাবৃত্তিত ব্যৱহৃত এখন ট্ৰাইচাইকেলহে লাভ কৰিছিল কৰ্ম উদ্যোমী এই যুৱকজনে ।

উল্লেখযোগ্য যে, যি সময়ত সংস্থাপন বিচাৰি বহু নিবনুৱাই বহিঃৰাজ্যলৈ ঢাপলি মেলিছে, যিসময়ত সংস্থাপনৰ অভাৱত একাংশই ভৰি দিছে অপৰাধ জগতত, যি সময়ত বিশেষভাৱে সক্ষম বহুতেই বাছি লৈছে ভিক্ষাবৃত্তিৰ দৰে পথ সেই সময়তেই নগাঁৱৰ বিশেষভাৱে সক্ষম এইজন আবু চুফিয়ানে চাইকেল মেৰামতিৰে আত্মনির্ভৰশীল হৈ বুটলিছে বিভিন্নজনৰ প্ৰশংসা ।

লগতে পঢ়ক : Dragon Fruits Farming : লমা-লমে লাগিছে ড্ৰেগন ফল; আব্দুল লতিফৰ মুখত সুখৰ হাঁহি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.