ETV Bharat / state

ড্ৰাগছ আসক্ত পুত্ৰই হত্যা কৰিলে পিতৃক

author img

By

Published : Nov 3, 2020, 10:14 PM IST

জুৰীয়াত সংঘটিত হ’ল হৃদয় বিদাৰক ঘটনা । পিতৃক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা ড্ৰাগছ আসক্ত পুত্ৰৰ। ৰাইজে ধৰি বান্ধি গতালে আৰক্ষীক।

son muder his father at juria
মানব লজ্জানত কৰা ঘটনা; পুত্ৰই হত্যা কৰিলে পিতৃক

চামগুৰি,3নৱেম্বৰঃ নগাঁও জিলাৰ জুৰীয়াত আধুনিক যুগৰ পৰশুৰামৰ কাণ্ডত স্তম্ভিত ৰাইজ ৷ পিতৃক হত্যা কৰি আত্মহত্যৰ ৰূপ দিয়াৰ চেষ্টাৰ অভিযোগ কুলাংগাৰ পুত্ৰৰ বিৰুদ্ধে ৷ জুৰীয়াৰ দীঘলীআটিত সংঘটিত হৈছে মানবতাক লজ্জানত কৰা এই ঘটনা ৷

উল্লেখযোগ্য যে, শ্বৰিফুল ইছলাম নামৰ কুলাংগাৰ পুত্ৰটোৱে পিতৃ জয়নাল উদ্দিনক নিজ গৃহতে হত্যা কৰি গামোছাৰে ফাচি লগাই আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টাৰ আভিযোগ চুবুৰীয়া ৰাইজৰ ৷ পূৰ্বৰে পৰাই ধন দাবী কৰি পিতৃক শাৰিৰীক তথা মানসিক অত্যচাৰ চলাইছিল কুলাংগাৰ পুত্ৰ শ্বৰিফুলে। একমাত্ৰ পুত্ৰই যে পিতৃৰ প্ৰাণ ল’ব পাৰিব সেই কথা হয়তো সপোনতো ভাৱিব পৰা নাছিল পিতৃ জয়নালে। কিন্তু আজি যেন সেয়াই হল। পিতৃক হত্যা কৰি আত্মহত্যাৰ প্ৰচাৰ চলোৱাৰ অভিযোগ তুলি শ্বৰিফুলক ৰাইজে আটক কৰি গতাই দিছে আৰক্ষীক ৷

লগতে পঢ়কঃ ঋনৰ দাতাৰ অত্যাচাৰ সহ্য কৰিব নোৱাৰিয়ে আত্মহত্যা কৰিছিল তুলসীবিলৰ পৰিয়ালটোৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.