ETV Bharat / state

কামপুৰৰ বোৱতী নদীত বালি মাফিয়াৰ দৌৰাত্ম - Sand Mafia

নগাঁৱৰ কামপুৰত বালি মাফিয়াৰ দপ্দপনি । বোৱতী নদীত মেচিন লগাই প্ৰতি নিয়ত বালিৰ খনন । নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰাৰ অভিযোগ বনবিভাগ বিৰুদ্ধে ৷

কামপুৰৰ বোৱতী নদীত বালি মাফিয়াৰ দৌৰাত্ম
author img

By

Published : Sep 10, 2019, 2:39 PM IST

নগাঁও, 10 ছেপ্তেম্বৰঃ নগাওঁ জিলাৰ কামপুৰৰ বৰপানী আৰু কপিলী নদীৰ বিভিন্ন এলেকাত বালি মাফিয়াৰ দৌৰাত্ম বৃদ্ধি পাইছে ৷ একাংশ বালি মাফিয়াই দুয়োখন নদীৰ পৰা বালি সংগ্ৰহৰ বাবে অবৈধ ভাৱে মেচিন ব্যৱহাৰ কৰাত তীব্ৰ সংকট নামিছে নদীৰ বুকুলৈ । কাৰ্বি আংলঙৰ পৰা হোজাই আৰু নগাওঁ জিলাৰ মাজৰে পাৰ হোৱা কপিলী নৈ আৰু কাৰ্বি আংলঙ নগাওঁ জিলাৰ মাজেৰে পাৰ হোৱা বৰপানী নৈত দীৰ্ঘদিন ধৰি বালি খননৰ বাবে একাংশ মাফিয়া চক্ৰই বন বিভাগৰ লোকক উপঢৌকন দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । ইফালে বালিৰ অবৈধ খননে দুয়োখন নদীৰ পাৰিৱেশিক অৱস্থালৈ ভাবুকি কঢ়িয়াই অনাত ক্ষুব্ধ হৈ পৰিছে প্ৰকৃতি প্ৰেমী সকল । এই অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে ৰাজ্য চৰকাৰক ব্যৱস্থা লোৱাৰ দাবী কৰিছে প্ৰকৃতিপ্ৰেমী সকলে ৷

Intro:Story=নগাঁৱৰ কামপুৰত বালি মাফিয়াৰ দপদপনি । বোৱতী নদীত মেচিন লগাই অহ:নিশে বালিৰ খনন । কুম্ভকৰ্ণ নিদ্ৰাত বনবিভাগ ৷

Anchor=নগাঁৱৰ কামপুৰত বালি মাফিয়াৰ দপদপনি ৷ অবৈধ ভাবে মেচিন লগাই কামপুৰৰ কপিলী আৰু বৰপানী নৈত বালিৰ খনন একাংশ বালি মাফিয়াৰ । বন বিভাগৰ চকুৰ সন্মুখতে প্ৰতিদিনে মেচিনৰে বোৱতী নদীৰ পৰা বালি সংগ্ৰহ কৰাৰ পিছতো নিৰৱ দৰ্শক ৰাজ্যৰ ব্যয়াগোম বনবিভাগ । 
Body:Vo=হয়, নগাওঁ জিলাৰ কামপুৰৰ বৰপানী আৰু কপিলী নদীৰ বিভিন্ন এলেকাত এতিয়া বালি মাফিয়াৰ দৌৰাত্ম ৷ একাংশ বালি মাফিয়াই দুয়োখন নদীৰ পৰা বালি সংগ্ৰহৰ বাবে অবৈধ ভাৱে মেচিন ব্যৱহাৰ কৰাত তীব্ৰ সংকট নামিছে নদীৰ বুকুলৈ । কাৰ্বিআংলৰ পৰা হোজাই আৰু নগাওঁ জিলাৰ মাজৰে পাৰ হোৱা কপিলী নৈ আৰু কাৰ্বিআংলং নগাওঁ জিলাৰ মাজৰে পাৰ হোৱা বৰপানী নৈত দীৰ্ঘ দিন ধৰি বন বিভাগৰ লোকক মেনেজ কৰি একাংশ বালি মাফিয়াই দৌৰাত্ম চলাই আহিছিল । যাৰ বাবে সকলো দেখিও কুম্ভকৰ্ণ নিদ্ৰাত আছে কামপুৰৰ বন বিভাগ ৷ দুয়োখন নদীৰ কামপুৰ বন বিভাগৰ অধিনৰ এলেকাত একাংশ অসাধু লোকে মেচিন ব্যৱহাৰ কৰি বালি সংগ্ৰহ কৰি আছে ।
Byte=বালি সংগ্ৰহ কৰা লোক
Conclusion:Vo=ইফালে ৫০ টাৰো অধিক মেচিন ব্যৱহাৰ কৰাৰ ফলত দুয়োখন নদীৰ পাৰিপাশ্বিক অৱস্থালৈ ভাবুকি কঢ়িওৱাই আনাত ক্ষুব্ধ হৈ পৰিছে প্ৰকৃতি প্ৰেমী সকল । এই অবৈধ কাৰবাৰৰ বিৰুদ্ধে ৰাজ্য চৰকাৰক ব্যৱস্থা লোৱাৰ দাবী কৰিছে প্ৰকৃতিপ্ৰেমী সকলে ৷
Byte=প্ৰকৃতিপ্ৰেমী ।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.