কলিয়াবৰ, 30 জুলাই: ব্ৰহ্মপুত্ৰত জাহ গ'ল কলিয়াবৰ বৰঘূলী কৃষি বান্ধৰ প্ৰায় 700 মিটাৰ অংশ ৷ ইয়াকে লৈ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে ক্ষোভ উজাৰে স্থানীয় ৰাইজে ৷ বিষয়টোত বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ ৷ খহনীয়াত জাহ গৈছে বহু হেক্টৰ কৃষি ভূমি ৷ মানুহৰ ঘৰ-দুৱাৰ, খেতি পথাৰ সকলো জাহ গৈছে নৈৰ বুকুত ৷ খহনীয়া ৰোধৰ বাবে যোগান ধৰা জিঅ' বেগ মাহ-মাহ ধৰি পৰি থকাৰ অভিযোগ ৷ জলসম্পদ মন্ত্ৰীৰ লগতে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে খহনীয়া অঞ্চল পৰিদৰ্শনতে দায়িত্ব সামৰিলে বুলি উল্লেখ কৰে ৰাইজে ৷
ব্ৰহ্মপুত্ৰত জাহ গ'ল কৃষি বান্ধ - গৌৰৱ গগৈ
কেশৱ মহন্তৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ ৷ খহনীয়াত জাহ গৈছে বহু হেক্টৰ কৃষি ভূমি ৷ পৰিদৰ্শনতে দায়িত্ব সামৰিলে কেশৱ মহন্ত -গৌৰৱ গগৈ
কলিয়াবৰ, 30 জুলাই: ব্ৰহ্মপুত্ৰত জাহ গ'ল কলিয়াবৰ বৰঘূলী কৃষি বান্ধৰ প্ৰায় 700 মিটাৰ অংশ ৷ ইয়াকে লৈ ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ বিৰুদ্ধে ক্ষোভ উজাৰে স্থানীয় ৰাইজে ৷ বিষয়টোত বিভাগটোৰ বিষয়া কৰ্মচাৰীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ ৷ খহনীয়াত জাহ গৈছে বহু হেক্টৰ কৃষি ভূমি ৷ মানুহৰ ঘৰ-দুৱাৰ, খেতি পথাৰ সকলো জাহ গৈছে নৈৰ বুকুত ৷ খহনীয়া ৰোধৰ বাবে যোগান ধৰা জিঅ' বেগ মাহ-মাহ ধৰি পৰি থকাৰ অভিযোগ ৷ জলসম্পদ মন্ত্ৰীৰ লগতে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে খহনীয়া অঞ্চল পৰিদৰ্শনতে দায়িত্ব সামৰিলে বুলি উল্লেখ কৰে ৰাইজে ৷
কলিয়াবৰ বৰঘূলী কৃষি বান্ধৰ প্ৰায় ৭০০ মিটাৰ অংশ জাহ গ'ল ব্ৰহ্মপুত্ৰত
জল সম্পদ মন্ত্ৰীৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ
নিতৌ খহনীয়াত জাহ গৈছে বহু হেক্টৰ কৃষি ভূমি,
নিজৰেই ঘৰখন ভাঙি মুকলি আকাশৰ তলত বৰঘূলীৰ ৰাইজ,
নাই আশ্ৰয়ৰ পৰ্য্যাপ্ত স্থান, স্থানীয় বিদ্যালয়ত স্থাপন কৰা তিনিটা শিৱিৰত ঠাইৰ অভাৱ। গৰমৰ বন্ধ সামৰণিৰ পিচত বিদ্যালয় আৰম্ভ হ'লে পুণৰ সমস্যাৰ সন্মুখীন হ'ব লাগিব দুৰ্ভগীয়া ৰাইজ।Body:কলিয়াবৰৰ বৰঘূলী ক্ৰমান্বয়ে ব্ৰহ্মপূত্ৰৰ বুকত। অসহায় জল সম্পদ বিভাগ। বৰঘূলীৰ স্থানীয় ৰাইজে জল সম্পদ মন্ত্ৰীৰ বিৰুদ্ধে ক্ষোভ, পৰ্য্যাপ্ত গুৰুত্ব নিদিয়াৰ অভিযোগ। খহনীয়া ৰোধৰ নামত মন্ত্ৰী কেশৱ মহন্তৰ ঘনিষ্ঠৰ লুণ্ঠনৰ অব্যাহত। খহনীয়া ৰোধিবলৈ যোগান ধৰা জিঅ' বেগ মাহ-মাহ ধৰি পৰি থকাৰ পিচত শেষ মূহুৰ্তৰ চেষ্টা বিফল হোৱাত তীব্ৰ অসন্তুষ্ট স্থানীয় খহনীয়া পীড়িত। জল সম্পদ মন্ত্ৰীৰ ঘনিষ্ঠ তথা স্থানীয় ঠিকাদাৰে খহনীয়া ৰোধৰ বাবে বালি নভৰোৱাকৈয়ে কেৱল সংখ্যা বঢ়াই অধিক লাভৰ স্বাৰ্থত বাণ্ডিলে-বাণ্ডিলে ব্ৰহ্মপুত্ৰত পেলাই দিয়া জিঅ' বেগ লাওখোৱাত উদ্ধাৰ হৈছে বুলি স্থানীয় ৰাইজে গুৰুতৰ অভিযোগ তুলিছে।
জল সম্পদ মন্ত্ৰীৰ লগতে কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে খহনীয়া অঞ্চল পৰিদৰ্শনতে দায়িত্ব সামৰিলে যদিও খহনীয়াৰ প্ৰকোপত অস্বাভাৱিকভাবে জাহ গৈছে বাসভূমি, মছজিদৰ লগতে কৃষি ভূমি।Conclusion:visuals
bites