নগাঁও, ২৭ অক্টোবৰ: ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ সৰবৰাহ (Cattle smuggling in Assam)। আৰক্ষীয়ে প্ৰায়ে অভিযান চলাই ৰাজ্যৰ ভিন্ন প্ৰান্তত চোৰাং গৰুৰ জব্দ কৰাৰ লগতে এই চক্ৰৰ লগত জড়িত লোকক গ্ৰেপ্তাৰ কৰি আহিছে (Smuggling cattles seized at Rupahihat)। কিন্তু আৰক্ষীৰ এনেধৰণৰ কঠোৰ পদক্ষেপৰ পাছতো একাংশ দুষ্টচক্ৰই চোৰাং গৰুৰ সৰবৰাহৰ বাবে লৈছে বিভিন্ন উপায় । চোৰাংকৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰোতে ৰূপহীহাটত জব্দ কৰা হৈছে ২৩ টাকৈ গৰু ।
মধ্য অসমৰ ৰূপহীহাট,চামগুৰি আদি অঞ্চলত চোৰাংকৈ গৰু সৰবৰাহ অব্যাহত আছে । সমান্তৰালকৈ চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে নগাঁও আৰক্ষীয়েও অব্যাহত ৰাখিছে অভিযান (Cattle smuggling in Nagaon)। বিগত কেইবাদিনো ধৰি নগাঁৱৰ ৰূপহীহাট আৰক্ষীয়েও অবৈধভাৱে গৰু সৰবৰাহৰ বিৰুদ্ধে অব্যাহত ৰাখিছে এনে অভিযান ।
আৰক্ষীৰ অভিযানৰ মাজতেই এটা চক্ৰই বহিঃৰাজ্য তথা চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশলৈ গৰু সৰবৰাহৰ চেষ্টা অব্যাহত ৰাখিছে । বৃহস্পতিবাৰেও ৰূপহীহাট থানাৰ আৰক্ষীৰ এটা দলে অভিযান চলায় ৰূপহীহাটৰ হাতীপাৰা অঞ্চলত । মেঘালয় হৈ বাংলাদেশলৈ ২৩ টাকৈ গৰু সৰবৰাহৰ চেষ্টা কৰাৰ সময়ত গৰুভৰ্তি বাহনখন জব্দ কৰে আৰক্ষীয়ে । হাতীপাৰা অঞ্চলৰ পৰাই গৰু সৰবৰাহৰ চেষ্টা চলোৱা HR 38 R 7855 নম্বৰৰ বাহনখন আৰক্ষীয়ে জব্দ কৰে ।
অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পায়েই বাহনখনৰ চালক, হেণ্ডিমেনৰ লগতে গৰু সৰবৰাহকাৰীয়ে পলায়ন কৰিবলৈ সক্ষম হয় । উল্লেখ্য় যে ৰূপহীহাটৰ হাতীপাৰাৰ এটা ইটা ভাটাৰ সমীপত গৰুভৰ্তি বাহনখন এৰি পলায়ন কৰে চালক আৰু হেণ্ডিমেনে ।
ইপিনে,চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে ৰূপহীহাট আৰক্ষীৰ মাৰাথান অভিযান ৷ সোমবাৰে ৰূপহীহাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীত কুমাৰ ৰয়ৰ নেতৃত্বত চলা এক অভিযানত ২২ টা গৰু ভৰ্তি এখন বাহন জব্দ কৰাৰ লগতে গাড়ী চালক আজগৰ আলীক গ্ৰেপ্তাৰ কৰে (Smuggled cattle vehicle seized at Rupahihat) ৷ অবৈধ চোৰাংভাৱে গৰু সৰবৰাহকাৰীয়ে বাংলাদেশলৈ সৰবৰাহ কৰা সময়ত গৰু ভৰ্তি বাহনখন আৰক্ষীয়ে খেদি-খেদি বেলতলীৰ পৰা জব্দ কৰে ৷ জব্দকৃত বাহনখনৰ নম্বৰ হৈছে AS02-CC-2289 ৷
লগতে পঢ়ক:Gambler Arrest in Manikpur: মাণিকপুৰত আৰক্ষীৰ জালত ১১ জুৱাৰী