ETV Bharat / state

আংশিক লক ডাউনত বিপৰ্যস্ত ক্ষুদ্ৰ ব্যৱসায়ীসকল

author img

By

Published : Jun 19, 2021, 10:08 PM IST

ক'ভিড ১৯ৰ দ্বিতীয় ঢৌৱে সৃষ্টি কৰা পৰিবেশে অনিশ্চিয়তাৰ মাজলৈ লৈ গৈছে ৰাজ্যৰ ক্ষুদ্ৰ ব্যৱসায়ী সকলক ৷ শেহতীয়াকৈ চৰকাৰে জাৰি কৰা নতুন নীতি-নিৰ্দেশনাৰ ফলত নগাঁৱতো বৃহৎ লোকচানৰ সন্মুখীন হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকল । এন পৰিপেক্ষিত ক'ভিড প্ৰট'কলৰ ক্ষেত্ৰত কিছু শিথিলতা আনিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইেছে ব্যৱসায়ী সকলে ৷

Small traders face huge losses in nagaon
বৃহৎ লোকচানৰ সন্মুখীন হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকল

নগাঁও, 19 জুন : ক'ভিড ১৯(Covid-19) ৰ দ্বিতীয় ঢৌৱে অসমতো সৃষ্টি কৰিছে জটিল পৰিস্থিতিৰ । ক'ভিড ১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে চৰকাৰে জাৰি কৰিছে এটাৰ পিছত এটা নীতি-নিৰ্দেশনা । ক'ভিড -১৯ ক লৈ চৰকাৰে জাৰি কৰা আংশিক ল'ক ডাউনে কৰ'ণা সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস কৰিছে যদিও আৰ্থিকভাৱে এক প্ৰকাৰ কোঙা কৰিছে বহু পৰিয়ালক । শেহতীয়াকৈ চৰকাৰে জাৰি কৰা নতুন SOPৰ ফলত নগাঁৱতো লোকচানৰ সন্মুখীন হৈছে ক্ষুদ্ৰ ব্যৱসায়ীসকল ।

নতুন SOPৰ মতে দিনৰ ১২ বজাতে দোকান বন্ধ কৰাৰ লগতে দিনৰ ১ বজাৰ পৰাই মানি চলিব লাগে সান্ধ্য আইন । এনে ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে বিশেষকৈ কাপোৰ, চেণ্ডেল, জোতা আদিৰ ব্যৱসায়ীসকল । দৈনিক উপাৰ্জন কৰা ধনেৰে নিজ পৰিয়ালৰ পোহ পাল দিয়াৰ উপৰিও দোকানসমূহত নিয়োজিত বহু কৰ্মচাৰীয়েও পায় জীৱিকাৰ পথ ।

কিন্তু দোকানসমূহত বিক্ৰী একপ্ৰকাৰ স্তব্ধ হৈ পৰাত এতিয়া দোকানসমূহৰ সৈতে জড়িত সকলোৰে পানীত হাঁহ নচৰা এক অৱস্থাৰ সৃষ্টি হৈছে । সাধাৰণতে পুৱা ১০ অথবা ১১ বজাতেই খোলা হয় কাপোৰ, জোতা আদিৰ দোকানসমূহ ।

১১ বজাত দোকান খুলি ধূপ ধুনা জ্বলাই মানেই সময় হয় দোকান বন্ধ কৰাৰ । দোকানসমূহ ১১ ঘণ্টাও খোলা ৰাখিব নোৱাৰাত এতিয়া বৃহৎ লোকচানৰ সন্মুখীন হৈছে সকল ব্যৱসায়ীসকল । দোকান ঘৰৰ ভাড়া, কৰ্মচাৰীৰ দৰমহা আদিও দিব নোৱাৰা এক অৱস্থাৰ সৃষ্টি হৈছে ব্যৱসায়ীসকলৰ ।

লগতে পঢ়ক: এতিয়াৰে পৰা বিদ্যুতৰ বিল পৰিশোধ নকৰিলে কৰ্মচাৰীয়ে নাপাব দৰমহা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.